বৰনদ্দীঃ নলবাৰী জিলা কাবাদী-হেণ্ডবল সন্থাৰ তত্বাৱধানত আৰু বেলসৰ আঞ্চলিক ক্ৰীড়া সংঘৰ উদোগত অহা ২ ফেব্ৰুৱাৰীৰপৰা বেলসৰত দ্বিতীয় বাৰ্ষিক ছিনিয়ৰ আন্তঃজিলা কাবাদী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ 

বেলশৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অসমৰ প্ৰায় ৪০ টা পুৰুষ আৰু মহিলাৰ দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

পৰিচালনাৰ সৈতে জড়িত বিষয়ববীয়াসকলক অহা ১ ফেব্ৰুৱাৰীৰ দিনৰ ভাগত বেলসৰত উপষ্ঠিত হ’বলৈ আহ্বান জনাইছে৷ ১ ফেব্ৰুৱাৰী আগতে যোগাযোগ নকৰিলে দলসমূহে প্ৰতিযোগিতাত অংশগ্ৰহণৰ কৰিব নোৱাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷