বৰপেটাঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ঐতিহাসিক ‘কুজাৰপীঠ বিহু সন্মিলন’ৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হৈ যায়।

১৯৯৪ চনত সেই সময়ৰ যুৱ সাহিত্যিক প্ৰধান সম্পাদক শিক্ষক ফজল আলী আহমেদ¸ সভাপতি কিৰণ চন্দ্ৰ বৈশ্যৰ সৈতে সচেতন মহলে আৰম্ভ কৰা কুজাৰপীঠ বিহু সন্মিলনৰ বহাগী উৎসৱ বা ৰঙালী বিহুৱে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াত সুধী বৃন্দই আনন্দেৰে কুজাৰপীঠ বিহু সন্মিলনৰ ৰূপালী জয়ন্তী হিচাপে জাকজমকতাৰে উদযাপন কৰিছে।

তদুপলক্ষে সপ্তাহজোৰা বিহু প্ৰশিক্ষণৰ পাছত ১২, ১৩, ১৪ ব’হাগ অৰ্থাত ২৬, ২৭, ২৮ এপ্ৰিলত তিনিদিনীয় বৰ্ণাঢ্য কাৰ্যসূচীৰে কুজীৰপীঠ ৰঙালী বিহু সম্পন্ন হয়। ২৬ তাৰিখে কুজাৰপীঠ বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে কাৰ্যককৰী সভাপতি আব্দুছ ছবুৰ চৌধুৰীয়ে।

মাৰাথান দৌৰ¸ লাঠি-বাৰী খেল¸ গোল্লা খেল¸ তিনি ঠেঙীয়া দৌৰ¸ ভেকুলীৰ জাঁপ¸ হা-ডু-ডু¸ ভেকশন¸ আন্ত বিদ্যালয় কুইজ প্ৰতিযোগিতা¸ দৰা-কইনা¸ জেতুকা সাঁচ¸ বিহু কোঁৱৰী প্ৰতিযোগিতা¸ চিত্ৰাংকণ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

২৮ এপ্ৰিল দেওবাৰে বিহুৰ পতাকা বিহুৱান উত্তোলন কৰে সভাপতি আলহাজ নুৰুল ইছলাম লস্কৰে। স্মৃতি তৰ্পণৰ পাছত বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে।

থলুৱা বিহু পিঠা-পনা প্ৰদৰ্শনী প্ৰতিযোগিতত অংশ লয় গুৱাহাটীৰ লেখিকা ৰমিছা বেগম আৰু গৱেষিকা ছাত্ৰী ৰেহেনা চুলতানাই।

সভাপতি আলহাজ নুৰুল ইছলাম লস্কৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভাত ২০১৯ চনৰ ৰঙালী বিহুটিৰ কুজাৰপীঠ বিহু সন্মিলনৰ  উদযাপন সমিতিয়ে ফজল আলী আহমেদৰ সম্পাদনাত  প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ ‘‘কুজাৰপীঠ’’ উন্মোচন কৰে ইছমাইল হোছেইনে। সভাত মাজুলীৰ ভাওনা বিশেষজ্ঞ ৰাজীৱ বৰা¸ ডা০ আব্দুল কদ্দুছ শিকদাৰ¸ সাংবাদিক আব্দুল জলিল¸ ৰমিছা বেগম¸ ৰেহেনা চুলতানা¸ কৃষক নেতা আশ্ৰাফুল হুছেইন¸ বিএইচ কলেজৰ অধ্যক্ষ ভূষন চন্দ্ৰ পাঠক¸ অধ্যাপক ড০ ছুলতান আলী আহমেদ¸ কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদকে আদি কৰি বহুতো গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

সন্ধিয়া বিহু নিশাৰে কুজাৰপীঠ বিহু সন্মিলনৰ ৰূপালী জয়ন্তীৰ সমূহ কাৰ্যসূচীৰ সামৰণি পৰে।  কুজাৰপীঠ বিহু সন্মিলনৰ সমূহ কাৰ্যসুচী সফলতাৰে সম্পন্ন হোৱাত সকলো অতিথি¸ সহায়-সহযোগ কৰা ব্যক্তি¸ অনুষ্ঠান-প্ৰতিষ্ঠিন আৰু ৰাইজক আন্তৰিক ধন্যবাদ জনাইছে উদযাপন সমিতিৰ সভাপতি আলহাজ নুৰুল ইছলাম লস্কৰ¸ কাৰ্যকৰী সভাপতি  ছবুৰ উদ্দিন  চৌধুৰী¸ প্ৰধান সম্পাদক শ্বেইখ ছাদুল্লাহ আহমেদ¸ সাধাৰণ সম্পাদক ছৈয়দ মোস্তাফিজুৰ ৰহমান আৰু স্মৃতি গ্ৰন্থৰ সম্পাদক ফজল আলী আহমেদ।