বৰপেটাঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৮ ফেব্ৰুৱাৰীৰপৰা অনুষ্ঠিত হোৱা টি জি বৰুৱা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত বৰপেটা জিলা দলে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ 

প্ৰতিযোগিতাখনত বৰপেটা জিলা দলে ৭টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১০ টা পদকেৰে প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে৷ বৰপেটাৰ প্ৰতিভাবান কাৰাটে খেলুৱৈ হানি আলী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ 

বৰপেটা জিলা দলটোৰ সাফল্যত বৰপেটাৰ স্থানীয় বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা জিলা কাৰাটে ড০ সন্থাৰ সভাপতি তথা জনীয়াৰ বিধায়ক আব্দুল খালেক, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্য্যকৰী সভাপতি পুলেন্দ্ৰ দাস, তথ্য-প্ৰচাৰ-পত্ৰিকা সম্পাদক মফিদুল হক, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলাৰ সমিতিৰ সভাপতি আতিকুল হকে শুভেচ্ছা জনাইছে৷