The Indian Express
The Indian Express

ডিজিটেল ডেস্কঃ ধৰ্মীয় ৰীতি-নীতিৰ যোগেদি এইবাৰ পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিব একাংশ ধৰ্মযাজকে৷ ৫০০ কুইণ্টল আমৰ কাঠ জ্বলাই ন দিনত প্ৰদূষণ ৰোধ কৰাৰ সংকল্প লৈছে যাজকসকলে৷

জানিব পৰা মতে মিৰাটৰ  ৩৫০জন ব্ৰাহ্মণে ধৰ্মীয় ৰীতি-নীতিৰে মহাযজ্ঞৰ আয়োজন কৰি পূজা-পাতল কৰিব৷ এই যজ্ঞত ৫০০ কুইণ্টল আমৰ কাঠ পুৰি প্ৰদূষণ মুক্ত কৰাৰ পণ হাতত লৈছে ব্ৰাহ্মণসকলে৷

কিন্তু ব্ৰাহ্মণসকলৰ এই যজ্ঞৰ বিৰোধীতা কৰি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে কয় যে এনেধৰণৰ কাৰ্যৰ জৰিয়তে পৰিৱেশ প্ৰদূষণৰ পৰিমাণ কমাতকৈ বঢ়াৰহে সম্ভাৱনা অধিক৷

ইয়াৰ প্ৰত্যুত্তৰত মহাযজ্ঞ সমিতিৰ সভাপতিয়ে হিন্দুত্ববাদত পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ এনে কাৰ্যক বিশ্বাস কৰা হয়৷ আমৰ কাঠ জ্বলাই তাত গৰুৰ গাখীৰেৰে তৈয়াৰী ঘি ঢালিলে প্ৰদূষণ ৰোধ কৰাত অতি সহায়ক হয় বুলি কয়৷