মেনিলাঃ মাজ আকাশত কণমানি যাত্ৰীক নিজৰ গাখীৰ খুৱাই সকলোৰে অন্তৰ জয় কৰিলে এগৰাকী এয়াৰ হোষ্টেজে।

ফিলিপাইনছৰ এখন বিমানৰ ঘৰুৱা উৰণৰ সময়ত এটি শিশুৱে বৰকৈ কন্দাত পেট্ৰিশা অ’ৰ্গানো নামৰ ২৪ বছৰীয়া এয়াৰ হোষ্টেজগৰাকীয়ে শিশুটিৰ মাতৃৰ ওচৰলৈ যোৱাত জানিব পাৰিলে যে, মহিলাগৰাকীয়ে শিশু খাদ্য আনিবলৈ পাহৰিলে আৰু তেওঁ মাতৃদুগ্ধ দিয়াত অপাৰগ।

বিমান পৰিবহন সংস্থাই জৰুৰী অৱস্থাৰ বাবে কোনো শিশু খাদ্য মজুত নাৰাখে বাবে কণমানিটোৰ কান্দোন বন্ধ কৰাৰ কোনো উপায়া নাছিল।

এনে পৰিস্থিতিত ন-মহীয়া এটি সন্তানৰ মাতৃ পেট্ৰিশাই শিশুটিক নিজৰ গাখীৰ খুৱাই তাইৰ ভোক গুচালে। অকল সিমানেই নহয়, মমতাময়ী এয়াৰ হোষ্টেজগৰাকীয়ে টোপনি নোযোৱা পৰ্যন্ত কন্যা শিশুটিক বুকুৰ মাজত লৈ থাকিল।

এই বিষয়ে পেট্ৰিশাই নিজে ফেচবুকত প্ৰকাশ কৰিছে। এই প’ষ্টটো ভাইৰেল হৈ পৰিছে আৰু ৩৬,০০০তকৈ অধিকে শ্বেয়াৰ হৈছে। পেট্ৰিশাৰ এই নিস্বাৰ্থ কাৰ্যক প্ৰশংসা কৰি ৮,০০০তকৈ অধিক লোকে মন্তব্য কৰিছে।

উল্লেখ্য, এই বছৰৰে আগষ্টত একেধৰণৰ আন এক ঘটনাত আৰ্জেণ্টিনাৰ এগৰাকী মহিলা আৰক্ষীয়ে কৰ্মৰত অৱস্থাত পুষ্টিহীনতাত ভোগা এটি শিশুক নিজ দুগ্ধ পান কৰোৱাই দিয়া প’ষ্ট ভাইৰেল হৈছিল।