বঙাইগাঁওঃ স্থানীয় যুৱক-যুৱতীৰ মাজত চৰকাৰী চাকৰিৰ বাবে প্ৰতিযোগীতামূলক পৰিৱেশ সৃষ্টি কৰি সফলতাৰে উত্তীৰ্ণ কৰোৱাৰ লক্ষ্যৰে স্থাপিত ব্ৰাইট কেৰিয়াৰ পইন্ট নামৰ প্ৰতিষ্ঠানটোৱে দেওবাৰে আবেলি মুকলি কৰে নিজা ৱেবছাইট৷ 

এই উপলক্ষে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড° বাংকেলাল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই www.brightcareerpoint.com শীৰ্ষক ৱেবছাইটটো মুকলি কৰে৷ 

অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অৰ্জুন চন্দ্ৰ বৰ্মণ, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি কুঞ্জমোহন ৰায় সহ প্ৰশিক্ষকসকল, শিক্ষাৰ্থী সকল উপস্থিত থাকে৷