মুম্বাইঃ মোদী চৰকাৰৰ শাসনৰ সময়ৰপৰা ৰে’ল বাজেটক সাধাৰণ বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে৷ ভাৰতৰ ৰে’লপথৰ সৈতে জড়িত এটা কাহিনী, শুনিলে আচৰিত হ’বলগীয়া কথা৷ 

আপুনি জানেনে, স্বাধীন ভাৰতৰ মাটিত এনে এছোৱা ৰে’লপথ আছে যাৰ মালিকীস্বত্ব এতিয়াও এটা ব্ৰিটিছ কোম্পানীৰ হাতত৷ আনকি ভাৰতীয় ৰে’ল বিভাগে এই কোম্পানীক প্ৰতি বছৰে এক কোটি ২০ লাখ টকা আদায় দি আহিছে৷ এই ৰে’লপথছোৱাত কেৱল ‘শকুন্তলা এক্সপ্ৰেছ’ নামৰ এখন ৰে’লগাড়ীহে অহা-যোৱা কৰে৷ মহাৰাষ্ট্ৰত থকা এই ৰে’লপথছোৱাৰে মুৰ্তজাপুৰৰপৰা অমৰাৱতীলৈ ১৮৯ কিল’মিটাৰ পথ ৬ ৰপৰা ৭ ঘন্টাত অতিক্ৰম কৰিব পাৰি৷ এই যাত্ৰাপথত ‘শকুন্তলা এক্সপ্ৰেছ’এ অচলপুৰ, জবতমালৰ লগতে ১৭ টা সৰু-বৰ ষ্টেচন পাৰ হৈ যায়৷

১০০ বছৰ পুৰণি পাঁচটা দবাৰ এই ৰে’লগাড়ীখন ৭০ বছৰ ধৰি বাষ্প ইঞ্জিনৰদ্বাৰা চলোৱা হৈছিল৷ উল্লেখযোগ্য যে ১৯২১ চনত মেনচেষ্টাৰত নিৰ্মাণ কৰা হৈছিল এই ইঞ্জিনটো৷ ১৯৯৪ চনৰ ১৫ এপ্ৰিলত ‘শকুন্তলা এক্সপ্ৰেছ’ক ভাপ ইঞ্জিনৰপৰা ডিজেল ইঞ্জিনলৈ পৰিৱৰ্তিত কৰা হয়৷ 

বৰ্তমান সাতটা দবাযুক্ত ৰে’লগাড়ীখনত এতিয়াও ব্ৰিটিছৰ যুগৰ সংকেতেই ব্যৱহাৰ কৰি থকা হৈছে৷ ৰে’লখনত প্ৰতিদিনে এহাজাৰতকৈও অধিক লোকে অহা-যোৱা কৰে৷ ‘শকুন্তলা ৰে’ল ৰ’ট’ নামেৰে খ্যাত এই পথছোৱা ১৯০৩ চনত ব্ৰিটিছ কোম্পানী ক্লিক নিক্সে নিৰ্মাণ কৰিছিল৷ ১৮৫৭ চনত জন্ম লাভ কৰা এই কোম্পানীটো বৰ্তমানে কেন্দ্ৰীয় প্ৰাদেশিক ৰে’লৱে কোম্পানী হিচাপে পৰিচিত৷ 

আনহাতে, ভাৰতীয় ৰে’লৱেক ১৯৫১ চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল যদিও এই পথছোৱা ব্ৰিটিছ কোম্পানীটোৰ হাততে থাকি গ’ল৷ আজিও এই পথছোৱাৰ চোৱা-চিতাৰ দায়িত্ব ব্ৰিটিছ কোম্পানীটোৰ হাততে আছে৷ প্ৰত্যেক বছৰে ভাৰত চৰকাৰে কোম্পানীটোক ধন দি আহিছে যদিও যোৱা ৬০ বছৰে এই ৰে’লপথছোৱাৰ কোনো মেৰামতি হোৱা নাই৷ 

‘শকুন্তলা এক্সপ্ৰেছ’ক ২০১৪ চনত আৰু ২০১৬ চনৰ এপ্ৰিলত দুবাৰ বন্ধ কৰি দিয়া হৈছিল যদিও স্থানীয় লোকৰ বিপুল দাবীত এই সেৱা পুনৰ মুকলি কৰিবলগীয়া হয়৷ অমৰাৱতী অঞ্চলৰ লোকসকলৰ জীৱন-ৰেখা এই ৰে’লপথছোৱা বন্ধ হ’লে দুখীয়া লোকসকল বহু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে ভাৰত চৰকাৰে এই ৰে’লপথছোৱা ক্ৰয় কৰিব বিচাৰি আছে যদিও বিভিন্ন কাৰণত এয়া সম্ভৱ হৈ উঠা নাই৷