newsnextone.com | ডিজিটেল ডেস্কঃ জিঅ’ই দেশৰ কেইবাটাও ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানীক দেউলীয়া কৰিছে যদিও এইবাৰ জিঅ’ক প্ৰত্যাহ্বান দিব খুজিছে বিএছএনএলে৷ চৰকাৰী কোম্পানী বিএছএনএলে ফুটবল বিশ্বকাপৰ বাবে মাথো ১৪৯ টকাত ৪ জিবি দাতা প্ৰতিদিনে দিয়াৰ কথা ঘোষণা কৰিছে৷ 

বিএছএনএলে প্ৰমোছনেল দাতা পেক গ্ৰাহকৰ বাবে মুকলি কৰিছে৷ ফুটবৰ বিশ্বকাপ বিশেষ এছটিবি ১৪৯ নাম দিয়া হৈছে এই পেকৰ৷ ১৪৯ টকাৰ ৰিচাৰ্জ কৰিলে প্ৰতিদিনে ৪ জিবি দাতা ২৮ দিনলৈ লাভ কৰিব গ্ৰাহকে৷

কেৱল ফুটবল বিশ্বকাপৰ বাবে এই অফাৰ৷ যাৰ সৈতে থাকিব আনলিমিটেড কলিং, ১০০ এছএমএছৰ প্ৰতিদিনে সুবিধা৷ এয়াৰটেলকো সমানে প্ৰত্যাহ্বান জনাই বিএছএনএলে৷ কিয়নো এয়াৰটেলে ১৪৯ টকাত ২ জিবি দাতা দি আহিছে৷