ডিজিটেল ডেস্কঃ বিজেপি দলৰ বিজয় যাত্ৰাক ৰুধিবলৈ উত্তৰ প্ৰদেশৰ দুই বিৰোধী সমাজবাদী পাৰ্টি আৰু বহুজন সমাজাবদী পাৰ্টিয়ে লগ লাগি সফলতা লাভ কৰাৰ দিশে আগবাঢ়িছে৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত অখিলেশ সিং যাদৱ আৰু কুমাৰী মায়াবতীয়ে সফলতা লাভ কৰে৷ গোৰখপুৰ হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ গৃহ সমষ্টি৷ যিটো সমষ্টি বছৰ বছৰ ধৰি যোগীৰ দখলত আছিল৷

দুয়োটা সমষ্টিতে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীয়ে আগবাঢ়ি আছে৷ নিৰ্বাচনত মায়াবতীৰ দল বহুজন সমাজবাদী পাৰ্টিয়ে প্ৰাৰ্থী থিয় কৰোৱা নাছিল৷ বহুজন সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশৰ পৰা এগৰাকী ৰাজ্য সভাৰ প্ৰাৰ্থীক সমাজবাদী পাৰ্টিৰ সহায়ত জয়ী কৰি নিয়াৰ বাবে থিৰাং কৰে৷ 

ফুলপুৰত সমাজবাদী পাৰ্টিৰ নেতা কৰ্মীসকলে তেওঁলোকৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ দিশে আগবঢ়াৰ লগে লগে আনন্দ উল্লাস প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে৷ মিঠাই বিতৰণ কৰাৰ লগে লগে দলৰ পতাকা লৈ নাচ-গান কৰা পৰিলক্ষিত হয়৷

শেহতীয়াকৈ বিজেপিৰ বিজয়ৰ ৰথ ৰোধ কৰিবলৈ পূৰ্বে শত্ৰুতা থকা দলসমূহকো হাত মিলোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ ৰাজনীতিত নতুন সমীকৰণে ফল ধৰা দেখা গৈছে৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত বহুজন সমাজ পাৰ্টিয়ে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ ফলত হে এই ফলাফল লাভ কৰে সমাজবাদী পাৰ্টিয়ে৷

বিজেপিৰ জয়যাত্ৰাত বাধা প্ৰদান কৰিবলৈ বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টিয়ে মিত্ৰতা কৰা প্ৰসংগকলৈ সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ সুনীল সিঙ যাদৱে কয়, উপ-নিৰ্বাচনত দুয়োটা সমষ্টিতে বহুজন পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে৷ সমাজবাদী পাৰ্টিয়ে তেতিয়াহে অকলে যুঁজ দি বিজেপিক ৰোধ কৰিব পাৰিব৷ উল্লেখ্য যে, গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিত ১১ মাৰ্চত ভোটদান অনুষ্ঠিত হৈছিল আৰু ১৪ মাৰ্চত ভোটগণনা অনুষ্ঠিত হয়৷