গুৱাহাটীঃ ২০১৫ চনৰ ফেব্ৰুৱাৰীত বি টি এডিৰ কৰ্তৃপক্ষই বিটিএডিৰ ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৮০০০ হাজাৰ টকা মাহিলি দৰমহাৰ চুক্তিত ৬ মাহৰ বাবে শিক্ষক পদত নিয়ুক্তি প্ৰদান কৰে। চাকৰিৰ ম্যাদ উকলি যোৱাৰ পিছত প্ৰতি ছয়মাহৰ মূৰে মূৰে পুনৰ ম্যাদ বৃদ্ধি কৰি অহা কৰ্তৃপক্ষই শিক্ষকসকলক ২৪ মাহৰ কামৰ বিনিময়ত মাত্ৰ ৪ মাহৰ দৰমহাহে প্ৰদান কৰে। এনে বঞ্চনাৰ প্ৰতিবাদত আজি বিটিএডিৰ টেট শিক্ষকসকলে গুৱাহাটীৰ দীঘলীপুখুৰীত মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

বিটিএডিৰ টেট শিক্ষকসকলে জনোৱা মতে তেওঁলোকে পাব লগা ২০ মাহৰ দৰমহা এতিয়াও সংশ্লিষ্ট কৰ্তৃপক্ষই আদায় দিয়া নাই। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা মন্ত্ৰীক আবেদন জনায়ো টেট শিক্ষক সকলে কোনো সুফল পোৱা নাই। বিটিএডি অঞ্চল হোৱা বাবে শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষক সকলৰ সমস্যাসমূহ আওকাণ আৰু অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কৰিছে বুলি টেট শিক্ষকসকলে। 

শিক্ষামন্ত্ৰীৰ মতে টেট শিক্ষকসকলৰ এই সমস্যা বি টি এডিৰ নিজৰ। শিক্ষা মন্ত্ৰীৰ এনে মন্তব্যত অতিষ্ঠ হৈ  বি টি এডি অসমৰ বাহিৰত নেকি বুলিও প্ৰশ্ন কৰে বঞ্চিত শিক্ষকসকলে । ২০১৭ চনৰ ১০ ফেব্ৰুৱাৰীত চাকৰিৰ পুনৰ ৬ মাহৰ বাবে যি ম্যাদ বৃদ্ধি কৰিছিল সেই সময়ৰ পৰা ২০ মাহৰ অনাদায় দৰমহা এককালীন ভাৱে মোকলাই দিবলৈ দাবী জনায়।

শিক্ষাৰ বিকাশৰ স্বাৰ্থত বি টি এডিত নিযুক্তি দিয়া টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, খালী হৈ থকা স্থায়ী শিক্ষক ঠাইত কেৱল টেট উত্তৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়া, কৰ্মৰত টেট শিক্ষকৰৰ বাবে ডি এল এড ৰেহাই দিয়া, শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ৰাজনীতি আৰু দুৰ্নীতি বন্ধ কৰাৰো দাবী জনাই বিটিএডি টেট শিক্ষকসকলে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা ৩ ঘন্টীয় অৱস্থান ধৰ্মঘটৰ জৰিয়তে বি টি এডি অঞ্চলত শিক্ষাৰ অধিকাৰ আইন ২০০৯ কাৰ্যকৰী কৰাৰো দাবী জনায় অঞ্চলটোৰ ক্ষুব্ধ টেট শিক্ষকসকলে।