কোকৰাঝাৰঃ বিটিচিৰ পৰিষদীয় বিধানসভাত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা বিটিচিৰ বিশেষ অধিৱেশনৰ আজি  সামৰণি পৰে৷ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিৱেশনখনৰ আজি দ্বিতীয়দিনা দ্যা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এডুকেচন (প্ৰাদেশিকীকৰণ শিক্ষক সেৱা আৰু সুসংগঠিত শৈক্ষিক শিক্ষানুষ্ঠান) বিধেয়ক ২০১৭ বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত হয়৷  

বিটিচিৰ বিশেষ অধিৱেশনখনৰ আজি সামৰণিৰ দিনাখন বিটিচিৰ শিক্ষা বিভাগৰ দায়িত্বত থকা উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে উত্থাপন কৰা বিটিচি শিক্ষা বিধেয়ক ২০১৭ সংশোধন ঘটোৱাত সদনৰ মজিয়াত গৃহীত হয়। অৱশ্যে ইয়াৰ পূৰ্বে বিৰোধী সদস্যই বিধেয়কখনৰ দুই এটা দফা আসোঁৱাহ থকা বুলি আঙুলিয়াই দিয়াত সদনে তাৰে কিছু দফা সংশোধন  কৰি  অৱশেষত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱৰে গৃহীত কৰে৷

বিধেয়কখনৰ দ্বাৰা ২০১১ চনৰ পৰা ২০১৬ চনৰ ভিতৰত অনুমোদনপ্ৰাপ্ত অথবা স্বীকৃতিপ্ৰাপ্ত বিটিএডি অঞ্চলৰ ২১খন স্নাতক মহাবিদ্যালয়, ২১ খন কনিষ্ঠ মহাবিদ্যালয়, ৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়,৯৮ খন উচ্চ মাধ্যমিক বিদ্যালয়, ৩০১ খন উচ্চ বুনিয়াদী বিদ্যালয় আৰু ১৩০০খন নিম্ন প্ৰাথমিক বিদ্যালয় উপকৃত হ'ব৷

উল্লেখ্য যে যোৱা ২৯ আৰু ৩০ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশনত বিটিচিৰ শিক্ষা বিভাগে "দ্যা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল শিক্ষা (প্ৰাদেশিকীকৰণ শিক্ষক সেৱা আৰু সুসংগঠিত শৈক্ষিক শিক্ষানুষ্ঠান) বিধেয়ক ২০১৭" খনক লৈ বহু বিতৰ্কৰ অন্তত সদনত স্থগিত হৈছিল৷ কিন্তুু শেহতীয়াকৈ ৰাজ্যপালৰ অনুমোদনত পুনৰ কালি আৰু আজি অৰ্থাৎ ২৫ আৰু ২৬ ছেপ্তেম্বৰত দুদিনীয়াকৈ বিটিচিৰ বিশেষ অধিবেশনখন সম্পন্ন হয়।

লক্ষণীয় যে বিশেষ অধিৱেশনৰ আজি দ্বিতীয় দিনা বিৰোধী সদস্যসকলে উক্ত বিধেয়কখনত সন্নিবিষ্ট মহাবিদ্যালয়,উচ্চতৰ মাধ্যমিক বিদ্যালয়,প্ৰাথমিক বিদ্যালয়ৰ অনুমোদন, স্বীকৃতি আদিৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ৩১-১২-২০১১ পৰিৱৰ্তে ৩১-১২-২০১৬ হ'ব লাগে বুলি সদনৰ মজিয়াত সজোৰে দাবী উত্থাপন কৰিছিল৷