গোৱালপাৰাঃ লকডাউনৰ মাজতে গোৱালপাৰাত উদ্ধাৰ হৈছে যোৱা শনিবাৰৰ পৰা অন্তৰ্ধান হৈ থকা দুটাকৈ ম'হ। গোৱালপাৰা নদী আৰক্ষী থানাৰ অন্তৰ্গত খানখোৱা চৰৰ পৰা যোৱা শনিবাৰে অন্তৰ্ধান হৈছিল ম’হ দুটা। 

ম'হৰ গৰাকীয়ে চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও সোমবাৰে সন্ধিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল। অৱশেষত সোমবাৰে সন্ধিয়াৰ ভাগত গোৱালপাৰা চহৰৰ নিউ বাকুৰপাৰাত পকী দেৱালেৰে আবৃত এটি চৌহদত ম'হ দুটা বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে গৰাকী চানমিঞাই। 

চানমিঞাৰ এজাহাৰৰ ভিত্তিত সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত ম'হ দুটা জব্দ কৰি তদন্ত আৰম্ভ কৰে গোৱালপাৰা সদৰ আৰক্ষীয়ে। অৱশ্যে বাতৰি যুগুত কৰা পৰ্যন্ত কোনো লোককে কৰায়ত্ত কৰিবলৈ সমৰ্থ হোৱা নাই আৰক্ষীয়ে।

কোনো লোক বাসবাস নকৰা তথা বাসগৃহ নথকা পকী দেৱাল থকা চৌহদৰ ভিতৰত টিংপাতৰ বেৰৰে নিৰ্মিত এটা ঘৰৰ ভিতৰত গৰু-ম’হ বান্ধি ৰাখিবৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা থকা ঘৰটোত কোনে ম’হহাল বান্ধি ৰাখিছিল সেই লৈ সৃষ্টি হৈছে ৰহস্যৰ। স্থানীয় একাংশ লোকেজিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা চুৰি হোৱা গৰু-ম’হ উক্ত চৌহদত ৰখা হয় বুলি সন্দেহ ব্যক্ত কৰিছে।

উল্লেখ্য যে গোৱালপাৰা চহৰৰ মাজমজিয়াৰ লগতে দাতিকাষৰীয়া অঞ্চলসমূহতো প্ৰশাসনৰ চকুৰ সমুখতে এচাম অসাধু লোকে অবৈধ গো-মাংসৰ ৰমৰমীয়া বেহা চলাই আহিছে। এনে পৰিপ্ৰেক্ষিতত ম’হ দুটাও অবৈধ মাংস ব্যৱসায়ীয়ে চুৰি কৰা বুলি অনুমান কৰিছে গৰাকী চানমিঞাই।