আমগুৰিঃ ৰাজ্য খনৰ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণ, শোষণ-বঞ্চনাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ আমগুৰিত শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷

বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে আমগুৰিত চাহ শ্ৰমিক সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

শ্ৰমিকৰ ওপৰত মালিক পক্ষই কৰা এই বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত চাহ শ্ৰমিক সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমগুৰি নগৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

হিন্দু বাংলাদেশীক অসমত আদৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। অন্যথাই পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। ৰঞ্জিত দাস মুৰ্দাবাদ, সৰ্বানন্দ মুৰ্দাবাদ, অসম চৰকাৰ লেই লেই আদি ধ্বনিৰে আমগুৰি নগৰৰ মাজমজিয়া উত্তাল কৰি তোলে আৰু বগীধলা বাগিচাৰ মালিক তথা অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে আহতসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহাৰ্যৰ দিয়াৰ দাবী জনায়।