নতুন দিল্লী/গুৱাহাটীঃ অসম আৰু উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশতে গঢ়ি উঠা তীব্ৰ প্ৰতিবাদকো নেওচি শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন (CAA)। ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে অধিসূচনা। 

'নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ কাৰ্যকৰী কৰাৰ দিন কেন্দ্ৰ চৰকাৰে ২০২০ চনৰ ১০ জানুৱাৰীক নিৰ্ধাৰণ কৰিছে, এই অনুযায়ী উল্লিখিত আইনখন উক্ত তাৰিখৰ পৰা প্ৰযোজ্য হ’ব।’-এইদৰে উল্লেখ কৰা হৈছে চৰকাৰী অধিসূচনাত।

১১ ডিচেম্বৰত সংসদত গৃহীত হোৱা এই আইন অনুযায়ী পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান এই তিনিখন চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্যাতনৰ সন্মুখীন হোৱা ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা হিন্দু, খ্ৰীষ্টান, শিখ, বৌদ্ধ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। অৱশ্যে অধিসূচনা জাৰি কৰিলেও এই পৰ্যন্ত আইনখনৰ বাবে নীতি-নিয়মসমূহ চূড়ান্ত কৰা নাই গৃহ মন্ত্ৰণালয়ে।

উল্লেখ্য যে, এই আইনখন গৃহীত হোৱাৰ লগে লগে স্বাধীন ভাৰতৰ ৭০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় নাগৰিকত্ব লাভ কৰা যোগ্যতাসমূহত ধৰ্মও অন্তৰ্ভূক্ত হৈ পৰে। ধৰ্মনিৰপেক্ষ দেশ এখনত ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰাতো সংবিধানসন্মত নহয় বুলি দাবী কৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কেবাটাও দল-সংগঠন তথা একাধিক ব্যক্তি। আনহাতে অসমৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেবাটাও সংগঠনে আইনখনে খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰাৰ আংশকাৰ লগতে অসম চুক্তি ভংগ কৰাৰ অভিযোগ তুলি সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।

আইনখনৰ বিৰোধিতা কৰি অহাসকলে আৰু দাবী কৰিছে যে ইয়াৰ জৰিয়তে প্ৰথমে ধৰ্মক নাগৰিকত্ব প্ৰদানৰ আধাৰ কৰি লৈ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত বিভিন্ন পুৰণি তথ্য বিচাৰি সংখ্যালঘু মুছলমানসকলৰ ওপৰত আওপকীয়াকৈ নিৰ্যাতন চলোৱাৰ ষড়যন্ত্ৰ ৰচিছে হিন্দু ৰাষ্ট্ৰৰ পোষকতা কৰা কেন্দ্ৰৰ বিজেপি চৰকাৰখনে। এইক্ষেত্ৰত বান, খহনীয়া তথা আন বিভিন্ন কাৰণত ৫০-৬০ বছৰ পূৰ্বৰ তথ্যপাতি নথকা দৰিদ্ৰ সংখ্যালঘু লোকসকল অযথা হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও মন্তব্য কৰিছে আইনখনৰ বিৰোধিতা কৰি অহা অধিকাংশই।

একেদৰে অসম তথা উত্তৰ-পূবৰ দল-সংগঠনসমূহে এই আইনখনে জনজাতীয় অঞ্চলটোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীলৈ সংকট নমাই আনিব বুলি শংকা পৰিছে। অসমৰ ক্ষেত্ৰত আইনখনে অসমতে অসমীয়া ভাষী লোকসকলক সংখ্যালঘুত পৰিণত কৰাৰ শংকা ব্যক্ত কৰা হৈছে। কিয়নো আইনখনৰ জৰিয়তে অসমত যিসকলে নাগৰিকত্ব পাব সেইসকলৰ সৰহখিনিয়ে হৈছে বাংলাদেশৰ বাংলাভাষী হিন্দু। 

সমগ্ৰ দেশতে আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হ’লেও সৰ্বাধিক প্ৰতিবাদ দেখা গৈছে অসম তথা উত্তৰ-পূবত। আইনখনৰ ফলত অসমেই আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিততে আন্দোলন তুংগত উঠিছে। ডিডি নিউজৰ এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আইনখনৰ সৰ্বাধিক প্ৰভাৱ অসম তথা উত্তৰ-পূবতে পৰিব বুলি স্পষ্টকৈ কৈছে।

পৰিণতিস্বৰূপে ৰাজ্যখনত যোৱা ১০ ডিচেম্বৰৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিদিনে ভিন্ন কাৰ্যসূচীৰে বিভিন্ন দল-সংগঠনে আইনখনক অসমীয়া জাতি ধ্বংসী আখ্যা দি আন্দোলন চলাই গৈছে। প্ৰথমাৱস্থাত অধিক তীব্ৰ হৈ পৰা এই আন্দোলন আৰু প্ৰতিবাদ দমন কৰিবলৈ চৰকাৰে কঠোৰ পন্থা গ্ৰহণ কৰিও একপ্ৰকাৰ বিফল হৈ পৰে। 

ইতিমধ্যে আইনখনৰ বিৰুদ্ধে হোৱা আন্দোলনত আৰক্ষীৰ গুলীত নিহত হৈছে ৫জনকৈ অসমীয়া যুৱক। প্ৰতিবাদ দমনৰ নামত ১০ দিনৰো অধিক সময় ইণ্টাৰনেট কৰ্তন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেবাটাও সংগঠনৰ একাধিক নেতাক। আৰম্ভণিৰে পৰা আইনখনৰ বিৰুদ্ধে বলিষ্ঠভাৱে মাত মাতি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈসহ সংগঠনটোৰ কেবাজনো নেতাৰ ওপৰত চৰকাৰে জাপি দিয়া দেখা গৈছে এটাৰ পিছত আনটোকৈ গোচৰ।

সংবাদ প্ৰতিষ্ঠান এএফপিৰ বাতৰি অনুযায়ী সমগ্ৰ দেশতে 'কা’ বিৰোধী আন্দোলনত এই পৰ্যন্ত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছে অতি কমেও ২৫ জনকৈ লোকে। গ্ৰেপ্তাৰ কৰা হৈছে ২০০ ৰো অধিক লোকক। এনেদৰে সম্প্ৰতি 'কা’ক লৈ উত্তাল হৈ আছে সমগ্ৰ দেশ। এই সন্দৰ্ভত দেশৰ মুখ্য ন্যায়াধীশেও বৃহস্পতিবাৰে চৰকাৰক আইন-শৃংখলা বৰ্তাই ৰখাত গুৰুত্ব দিবলৈ আহ্বান জনোৱা দেখা গৈছে।

অৱশ্যে এনে প্ৰৱল বিৰোধ তথা আন্দোলনৰ কোনো ভিত্তি নাই বুলি আৰম্ভণিৰে পৰা দাবী কৰি আহিছে শাসকীয় বিজেপিয়ে। কেবাজনো বিজেপি নেতা তথা মন্ত্ৰীয়ে বিৰোধী কংগ্ৰেছে আইনখনৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাই সৰ্বসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলিছে। অসমতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই এই আইনখনৰ বিৰুদ্ধে কংগ্ৰেছ আৰু বাওপন্থী দলসমূহে ৰাইজক উচটনি দিয়াৰ অভিযোগ তোলে।

সান্ধ্যা আইন, ইণ্টাৰনেট কৰ্তনৰ দৰে কঠোৰ দমনমূলক নীতিকো ওফৰাই অসমত হৈ থকা ধাৰাবাহিক আন্দোলনৰ পিছত শাসনাধিষ্ঠিত বিজেপিয়ে 'কা’ই অসমৰ কোনো ক্ষতি নকৰে বুলি দাবী কৰি আন্দোলনকাৰীসকলক প্ৰত্যাহ্বান জনাবলৈ ঠায়ে ঠায়ে শান্তি সমদলৰো আয়োজন কৰা দেখা গৈছে। 

এইবোৰৰ মাজতে শুকুৰবাৰে গৃহ মন্ত্ৰালয়ে আইনখন কাৰ্যকৰী কৰিবলৈ অধসূচনা জাৰি কৰে। সম্পূৰ্ণ নীতি নিৰ্ধাৰণ নকৰাকৈয়ে এনেদৰে আইনখনক লৈ অধিসূচনা জাৰি কৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে বিৰোধী দল-সংগঠনসমূহে। চৰকাৰৰ এনে কাৰ্যক অপৰিপক্ক আৰু বিবেকহীন বুলিও মন্তব্য কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ 'কা’ বিৰোধী আন্দোলনৰ নেতাসকলে। অসমতো ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিশেষকৈ বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাহীন হৈ থকা অৱস্থাতে এনেদৰে অধিসূচনা জাৰি কৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে দল-সংগঠনসমূহে।


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us