ডিব্ৰুগড়ঃ অবৈধ অনুপ্ৰৱেশকাৰী তথা অবৈধ বিদেশীয়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে যি সংকট কঢ়িয়াই আনিছিল সেই সংকট দূৰ কৰি খিলঞ্জীয়াৰ আধিপত্য নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰে অসমৰ জনসাধাৰণৰ সমৰ্থন লৈ বিজেপিয়ে দিল্লী আৰু দিছপুৰ চৰকাৰ গঠন কৰিছিল । 

জাতি-মাটি-ভেটি ৰক্ষাৰে এক মূল্যবোধৰ ৰাজনীতি কৰিব বুলি প্ৰতিশ্ৰুতি দি সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু দিল্লী আৰু দিছপুৰত চৰকাৰ গঠনৰ পিছত উভয় চৰকাৰেই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ দাবী আৰু আৱেগ-অনুভূতিক কোনোধৰণৰ গুৰুত্ব নিদি সম্পূৰ্ণ অহংকাৰী আৰু ফেচিষ্ট মানসিকতাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন জাপি দিবলৈ উঠি পৰি লাগে। বিধেয়কখনৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণতে বিধেয়কখন গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়াৰ পিছতো একমাত্ৰ হিন্দু বাংলাদেশীৰ ভোটেৰে গাদী ৰক্ষা কৰিবলৈ বিজেপি চৰকাৰে লোকসভাত বিধেয়কখন গৃহীত কৰে । 

সমগ্ৰ দেশত বিৰোধীয়ে বিধেয়কখনৰ বিৰুদ্ধে মতপোষণ কৰি আহিছে যদিও বিজেপি চৰকাৰে ৰাজ্যসভাতো বিধেয়কখন গৃহীত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে । বিধেয়কখনে খিলঞ্জীয়া ৰাইজক নিঃশেষ কৰি ইয়াৰ ভাষা-কৃষ্টি-সংস্কৃতি, ঐতিহ্য আৰু অস্তিত্ব নিঃশেষ কৰিব বুলি যুক্তি দি উভয় চৰকাৰক বিধেয়কখন নাকচ কৰিবলৈ দাবী জনোৱাৰ পিছতো চৰকাৰে ষড়যন্ত্ৰমূলক আৰু দাম্ভিকতাৰে বিধেয়কখন জাপি দিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে আজি সন্ধিয়া মুখ্যমন্ত্ৰী গৃহ জিলাৰ লাহোৱালত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লাহোৱাল আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত বিধেয়কখন বিৰুদ্ধে মোহনবাৰী তিনিআলি পৰা লাহোৱাল তিনিআলিলৈকে বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে । 

প্ৰতিবাদকাৰীসকলে ভুৱা জাতীয় নায়ক হায় হায়, নৰেন্দ্ৰ মোডী মিছলীয়া, হিমন্ত বিশ্ব শৰ্মা দাদাগিৰী নচলিব, আৰ এছ এছ মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদিৰ শ্লো'গানেৰে আকাশ বতাহ কঁপাই তোলাৰ পাছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । আমছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল ৰচিদ আহমেদে আঁতধৰা প্ৰতিবাদী সভাত ডিব্ৰুগড় জিলাখনৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে বিধেয়কখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমৰ্থন আগবঢ়োৱাত কঠোৰ ভাষাৰে সমালোচনা কৰে । আনহাতে প্ৰতিবাদী সভাত অংশ লৈ মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱা, জাতীয়তাবাদী যুৱ সন্মিলনীৰ সহকাৰী সম্পাদক চন্দন দাস, আমছুৰ সহকাৰী সম্পাদক চফি আলম খান, ডিব্ৰুগড় জিলাৰ উপদেষ্টা ইমতিয়াজ আলি, সভাপতি কাজু হুছেইনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে সকলো দল-সংগঠনৰ লগতে ৰাইজৰ সহযোগত জংগীৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হুংকাৰ দিয়ে ।