কেলিফৰ্ণিয়াঃ কেলিফর্ণিয়াত সংঘটিত হৈছে এক ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা।

ঘটনাটোত নিহত হয় ২ জন লোক। থাউডেণ্ড চহৰৰ নৃত্য বিদ্যালয় এখনত হোৱা এই ঘটনাত এজন আততায়ীৰ লগতে নিহত হয় এজন আৰক্ষী বিষয়াও। বাকী ১১জন লোক গুৰুতৰভাৱে আহত হয়। বর্ডাৰলাইন বাৰ এণ্ড গ্রিল ক্লাবত ঘটিছিল এই হত্যাকাণ্ড। 

এই সুৰাৰ বিপণীখন কেলিফৰ্ণিয়া লুথেৰান বিশ্ববিদ্যালয়ৰ ছাত্রীসকলৰ মাজত অত্যন্ত জনপ্ৰিয়।

যোৱা বুধবাৰে নিশা ৯ বজালৈ চলিছিল কলেজ এখনৰ সাংস্কৃতিক অনুস্থান। অন্যহাতে থাউডেণ্ড চহৰখনত অপৰাধৰ সংখ্যা কম তথা আমেৰিকাৰ নিৰাপদ ঠাইৰ ভিতৰত অন্যতম৷