• কলিয়াবৰতে অস্তিত্বৰ সংকট পৰিছে অগপ 
  • ভোটদান চলি থকাৰ মাজতে প্ৰচাৰ-প্ৰত্ৰিকা বিলোৱাৰ অভিযোগ ভোটাৰৰ

কলিয়াবৰঃ এসময়ৰ অগপৰ অতি শক্তিসালী দূৰ্গ কলিয়াবৰতেই অস্থিত্বৰ সংকতত ভুগিছে অসমৰ বাজনীতিৰ এসময়ৰ অতি শক্তিসালী দল অসম গন পৰিষদ৷

এইবাৰৰ পঞ্চায়তৰ নিৰ্বাচনত কলিয়াৰৰ দলগাঁওত একাংশ অসম গন পৰিষদৰ কৰ্মীয়ে ভোটগ্ৰহন চলি থকাৰ সময়তেই ভোটগ্ৰহন কেন্দ্ৰ চৌহদৰ ভিতৰত ইন্দল সতনামী নামৰ প্ৰাৰ্থীগৰাকীক ভোট দিব লাগে বুলি ছপা কৰা প্ৰচাৰ-পত্ৰিকা এখন ভোটাৰসকলৰ মাজত বিতৰণ কৰে৷

এসময়ৰ অতি শক্তিসালী এই দলতোৰ এনে নিকৃষ্ট কাৰ্য্যত দেখি ভোটকেন্দ্ৰটোত উপস্থিত থকা ভোটাৰ ৰাইজে ধিক্কাৰ দিয়ে আৰু নিৰ্বাচনী আয়োগক এই ঘটনাৰ তদন্ত কৰিবলৈ দাৱী জনাইছে৷