National Cancer Institute
National Cancer Institute

ডিব্ৰুগড়/গুৱাহাটীঃ জ্ঞানী মানুহে অবাস্তব কথা নকয়৷ জ্ঞানী মানুহে আনৰ মনত দুখ দিবও নোখোজে৷ জ্ঞানী সকলে জানে অবাস্তৱ কথা কলে লাগে লেঠা৷ কিছু অৱাস্তৱ কথাই মানুহক ভৰ্ৎসনাৰ সন্মুখীন হ’ব লগা কৰে৷ বিপদত পৰাৰ আশংকা থাকে৷ আপুনি মুখত যি আহে তাকে কৈ দিলে সমাজত ইয়াৰ প্ৰভাৱ পৰিব এয়া নিশ্চিত৷ আপোনাৰ কথাই কাৰোবাৰ মনত আঘাত দিব পাৰে৷ তেনে কথা কোৱাৰ পৰা প্ৰকৃততে আতৰি থকা দৰকাৰ বুলি কব খোজে কব খোজে জ্ঞানী সকলে৷ কিন্তু অবাস্তৱ কথা কোনো যদু-মধুৱে কোৱাতো মানি লব পাৰি নতুবা সহ্য কৰিব পাৰি৷

যেতিয়া সমাজক নেতৃত্ব দিয়া লোকে অবাস্তব কথা কয় তেতিয়াই সমাজৰ বাবে ই বৰহিব স্বৰূপ হ’ব পাৰে৷ বৰবিহকে দিছে আমাৰ ৰাজ্য খনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কৰ্কট ৰোগৰ মুল কাৰণ হেনো মানুহৰ কৰ্মফল৷ জীৱনত কৰা পাপ পূণ্যৰ বাবেই শাস্তি হিচাপে এই দুৰাৰোগ্য কেন্সাৰে দেখা দিয়ে শৰীৰত৷ এই উদ্ভদ মন্তব্য আগবঢ়াই হিমন্তবিশ্ব শৰ্মাই৷ এই জ্ঞানহীন মন্তব্য খোদ অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

হয়, অসমৰ স্বাস্থ্যমন্ত্ৰীৰে এই মন্তব্য৷ যিটো সময়ত সমগ্ৰ দেশে ভয়াবহ ৰোগ বিধৰ বিৰুদ্ধে যুজি থাকিব লগা হৈছে তেনে সময়তে এনে মন্তব্যই ৰোগী সকলক উপলুঙা- ইতিকিং কৰে৷ এনে মন্তব্যই মনোবল ভাঙি পেলাব পাৰে ৰোগীৰ৷ চিকিৎসা বিজ্ঞানে কৰ্কট ৰোগৰ উৎস হিচাপে মাদক দ্ৰব্য বুলি কয়৷ আৰু আমাৰ দেশৰ চৰাকৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই থকাৰ লগে লগে বিক্ৰী কৰি থকাৰো অনুমতি প্ৰদান কৰিছে৷ তেনে সময়তে এগৰাকী মন্ত্ৰীৰ মুখত এই অভিমত৷ ইমানে নহয় হিমন্তই আৰু কয় ‘ভগৱানে যেতিয়া দুখ দিব পাপৰ ভাগ আপোনালোকেও লব লাগিব, বেলেগ কোনো কথা নাই৷ নেদেখাজনৰ ওচৰত পাপ কৰিলে সেইটো কোতিয়াও পৰিশোধ কৰিব নোৱাৰিব৷

বহুত মানুহে ভাবি তাকে-অমুকৰ ঘৰত কিয় কেন্সাৰ হল, ডেকা লৰাটে কিয় কেন্সাৰত ঢুকালে, ডেকা লৰাটো কিয় এক্সিডেন্টত ঢুকালে? -আচলতে বেগগ্ৰাউণ্ডটে দেখিলে গম পোৱা যাব যে সেইটো প্ৰকৃততে ডিভাইন জাষ্টিচ, বাকী একো নাই৷ আমি ডিভাইন জাষ্টিচ ভোগ কৰিবই লাগিব৷ পূৰ্বজন্মত কৰা, এই পূৰ্বজন্মত কৰা, মোৰ মায়ে কৰা বা পূৰ্বপূৰুষৰ কোনোবাই কৰা ফল ভোগ কৰিবই লাগিব, সেয়াই ডিভাইন জাষ্টিচ৷’ হিমন্তই এই মন্তব্য প্ৰদান দুদিন পূৰ্বে কলাক্ষেত্ৰত অনুষ্ঠিত এটি অনুষ্ঠানত৷ এই কটু মন্তব্য কৰা হিমন্তবিশ্ব শৰ্মাই অসমৰ প্ৰতিখন জিলাতে কৰ্কট প্ৰতিস্থান স্থাপনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া হাতত লৈছে৷ টাটাৰ সৈতে লগলাগি অসমত কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ বাবে যোজা চলাইছে৷

কিন্তু তেনে সময়তে এনে উপলুঙা কৰা কাৰ্যক ৰাইজে সহজে লোৱা নাই৷ ৰাজ্য খনত এতিয়া কৰ্কট ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তেনে সময়তে ৰাজ্য খনৰ শ-শ ৰোগীয়ে মনত কষ্টত পাইজে৷ জীৱন যুদ্ধত হাৰ নামানি কৰ্কট ৰোগৰ সৈতে সংগ্ৰাম কৰি থকা লোকসকলে মনত আঘাত পোৱাটো স্বাভাবিক৷ সকলোৱে জানে বিতৰ্ক আৰু হিমন্ত যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ হিমন্তই কথা কলেই বিতৰ্কৰ সৃষ্টি হয়৷ হিমন্তৰ পূৰ্বৰ বিতৰ্ক সমূহ ৰাজ্য খনতে সীমাবদ্ধ আছিল৷ কিন্তু এইবাৰ হিমন্তৰ বিতৰ্কই সাত সাগৰ তেৰ নদী পাৰ হৈ গ’ল৷ প্ৰথমে অসমৰ সংবাদ মাধ্যম কেন্সাৰ বিতৰ্কৰ বাতৰি প্ৰকাশ পালে৷

তাৰ পিছত ৰাজ্য খনৰ ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা লোকসকলে হিমন্তৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰে৷ তাৰ পিছতে বাধ্য হয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যম৷ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান সমূহে এই খবৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰে৷ লগে লগে সক্ৰিয় হৈ পৰে বিৰোধি দলৰ নেতা-কৰ্মী৷ মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ ডঃ কে কে আগৰৱালাই এয়া তথ্য প্ৰমাণ আৰু ঔষধৰ যুগ বুলি কয়৷ এনে কথাই সমাজৰ বাবে বেয়া বাৰ্তা নিব৷ এনে কথা কব নালাগে৷ ব্যক্তিগত মতৰ ওপৰত বিশ্বাসক লৈ এনে মন্তব্য কৰাটো অনুচিত৷ স্বাস্থ্যমন্ত্ৰী নতুবা কোনো লোকে এনে মন্তব্য দিব নালাগে৷

কৰ্কট ৰোগীসকলৰ ওচৰলৈ ভূল বাৰ্তা যাব যে ভজন কৰিলে কৰ্কট ৰোগ ভাল হয় বুলি ভাবিব পাৰে৷ সমাজৰ স্বাৰ্থত এই মন্তব্য উঠাই লবলৈ আহ্বান জনাই মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষগৰাকীয়ে৷ কংগ্ৰেছ নেতা চি চিডাম্বৰম, কপিল চিব্বাল, গোলাম নবী আজাদ, সাংবাদিক পল্লবী ঘোষ, ৰাজীৱ সাৰ দেশাই, বামপন্থী নেত্ৰী বৃন্দা কাৰাট, এইডিএফ নেতা মৌলানা বদৰুদ্দিন আজমল আদিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আমাৰ ৰাজ্য খনৰ দল-সংগঠনে হিমন্তৰ এই মন্তব্যক তীব্ৰ গিৰহণা দিয়ে৷ অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈ, মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই গৰিহণা দিয়ে৷ অসম চৰকাৰ এতিয়া কেন্সাৰ ৰোগত অাত্রুান্ত হোৱা বুল যুগল বৰৱাই৷ সৰ্বানন্দ সোণোৱাল চৰকাৰ খন ৰোগাক্ৰান্ত হোৱা বুলি কৈ বিভাগ চলোৱাত ব্যৰ্থ হৈ এনে মন্তব্য কৰা বুলি কয় বৰুৱাই৷ ডিব্ৰুগড় জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ উপদেষ্টা ছফিৰ অালম খানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।