ডিজিটেল ডেস্কঃ মাজনিশাৰ মহাকৰৰ সূচনা হোৱাৰ পিছতে শনিবাৰে পুৱাৰে পৰা নিম্নগামী হ’বলৈ আৰম্ভ কৰিছে আপোনাৰ সপোনৰ গাড়ীখনৰ দাম। বিশেষকৈ যিসকলে ভাৰতৰ জনপ্ৰিয় এছ ইউ ভি টয়’টা ফৰ্চুনাৰ ক্ৰয় কৰিবলৈ আশাপালি ৰৈ আছে সেইসকলৰ বাবে এতিয়া সু-খবৰ। কিয়নো এই বাহনখনৰ দাম আজিৰে পৰা ২.১ লাখ টকা হ্ৰাস পাইছে। 

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত বাতৰি মতে, জিএছটি কাৰ্যকৰী হোৱাৰ পিছতে টয়’টা ইণ্ডিয়াই ফৰ্চুনাৰ এছ ইউ ভিৰ দাম ২.১ লাখকৈ হ্ৰাস পোৱাতো সত্য বুলি সদৰী কৰিছে। উল্লেখ্য যে জিএছটিৰ সূচনা হোৱাৰ লগে লগে সমগ্ৰ দেশকে সামৰি লৈছে 'এক দেশ এক কৰ’ নীতিয়ে। অৱশ্যে জিএছটিৰ ফলত গাড়ীৰ ক্ৰেতাসকলৰ ভিতৰত সকলোতকৈ অধিক লাভান্বিত হ’ব মুম্বাইৰ ক্ৰেতাসকল। অতিৰিক্ত কৰসমূহ উঠি যোৱাৰ বাবে মায়ানগৰীত এতিয়া সামান্যকৈ হ’লেও হ্ৰাস পাব অধিকাংশ বয়-বস্তুৰ দাম। 

ইফালে টয়’টা ইণ্ডিয়াৰ দৰে আন বাহন নিৰ্মাতা প্ৰতিষ্ঠানসমূহেও আজিৰে পৰা নতুন দাম ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। বজাৰ বিশেষজ্ঞসকলে অনুমান কৰা মতে, হুণ্ডাই ক্ৰেটাৰ দাম এতিয়াৰে পৰা পূৰ্বৰ দামতকৈ ৪০-৫০ হাজাৰ টকা হ্ৰাস পাব। মাৰ্চিডিজ জি এল এছ ৩৫০ এছ ইউ ভিৰ দাম হ্ৰাস পাব ৩ লাখ টকাকৈ। ইন’ভাৰ দাম হ্ৰাস পাব প্ৰায় ৯০ হাজাৰ টকা পৰ্যন্ত।

একেদৰে আই টেন, গ্ৰেণ্ড আই টেনৰ দামো ৩০০০-১৪,০০০ পৰ্যন্ত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। মাৰুটি ছুজুকীয়েও আজিৰে পৰা নতুন নিৰিখ ঘোষণা কৰিবলৈ যো-জা চলাই আছে বুলি টাইমছ অব ইণ্ডিয়াক সদৰী কৰিছে। 

আনহাতে মটৰবাইক আৰু স্কুটাৰৰ দামো জিএছটিৰ প্ৰভাৱত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। হিৰো মটোৰ বাইক আৰু স্কুটাৰৰ দাম ৫ শতাংশ পৰ্যন্ত হ্ৰাস পাব বুলি আশা কৰা হৈছে। এক্টিভাৰ দাম হ্ৰাস পাব পাৰে ৩,৪০০ টকাকৈ। অৱশ্যে ৩৫০ চি চিৰ বাইকসমূহৰ দাম পূৰ্বতকৈ যথেষ্ট বৃদ্ধিহে পাব। বিশেষকৈ হাৰ্লি ডেভিদছন, ডুকেটি, ৰয়েল এনফিল্ড আদিৰ দৰে মডেলৰ বাইকৰ দাম উৰ্ধগামী হ’ব বুলি বজাৰ বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে।