মৰিগাঁওঃ হোৱাটছএপ গ্ৰুপ 'কাষ্ট এণ্ড ক্ৰিউ'। ভাষা-সংস্কৃতি, অভিনয়-সংগীতৰ প্ৰতি আগ্ৰহী এদল তৰুণ-তৰুণীৰ এই গ্ৰুপটোৰ বেনাৰত শীঘ্ৰে মুক্তি লাভ কৰিব এখন ব্যতিক্ৰমী অসমীয়া চুটি ছবি। ইয়াকে লৈ ব্যস্ত গ্ৰুপটোৰ প্ৰতিগৰাকী সদস্য৷ মনত ছবি নিৰ্মাণৰ দুৰ্দান্ত হেঁপাহ। 

দিন-ৰাতি একাকাৰ কৰি ঘূৰি ফুৰিছে ইমূৰ-সিমূৰ। ইখনৰ পিছত সিখন গাঁও ভ্ৰমি কেমেৰাত আৱদ্ধ কৰিছে সংলাপ। বন্দী কৰিছে দৃশ্য৷

পৰিচালনা, অভিনয়, সংগীত ব্যৱস্থাপনা সকলোতে এক নতুনত্ব দিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে তৰুণ-তৰুণীৰ দলটোৱে।

নিজেই লৈছে সকলো দায়িত্ব। কেমেৰা চলোৱাই কেমেৰা চলাইছে, পৰিচালনা কৰাই পৰিচলনা কৰিছে। মুঠৰ ওপৰত সকলোৱে মন-প্ৰাণ ঢালি ছবিখন সম্পূৰ্ণ কৰিবলৈ উঠি-পৰি লাগিছে।

ব্যতিক্ৰমী এই তৰুণ-তৰুণীৰ দলটোৱে নিৰ্মাণ কৰা চুটি ছবিখন হৈছে ‘অ’ মোৰ সুৰীয়া মাত’৷ অসমীয়া ভাষাক বিপৰ্যয়ৰ পৰা কিদৰে উদ্ধাৰ কৰিব পাৰি সেই চিন্তা-চৰ্চাক প্ৰাধান্য দিয়া বিশেষ ছবিখন শীঘ্ৰেই মুক্তি দিয়াৰ যো-জা চলাইছে দলটোৱে।