newsnextone.com | গুৱাহাটীঃ সমাজক গতিশীল কৰি ৰখা শ্ৰম শক্তিটোৰ অন্যতম পৰিবহণ শ্ৰমিকসকল। শ্ৰমিকসকলে সমগ্ৰ জীৱন যুঁজ দি দেশৰ সেৱা কৰে বুলি কলে ভুলকৈ কোৱা নহ'ব। কেচা সামগ্ৰী কাৰখানালৈ নিয়া, উ९পাদিত সামগ্ৰী বিক্ৰীকেন্দ্ৰত ৰাইজৰ বাবে লৈ অহা, উ९সৱ পাৰ্বণত আন লোকসকল পৰিয়ালৰ সৈতে ব্যস্ত থকাৰ সময়তে চালকসকলে দিনে-নিশাই মানুহ অনা নিয়াত ব্যস্ত থাকে।

নিজৰ লৰা-ছোবালীৰ খবৰ নলৈ আনৰ লৰা-ছোৱালীক বিদ্যালয়ত অনা-নিয়াত ব্যস্ত থকা চালকসকলে দৰমহা নহয় সাধাৰণ মাননি লৈ ত্যাগৰ মনোবৃত্তিৰে সেৱা আগবঢ়ায় আহিছে। শ্ৰমিকসকলে তাৰ বিনিময়ত কেনেদৰে জীৱন নিৰ্বাহ কৰে সেই কথা ৰাইজে অৱগত। যাৰ বাবে শ্ৰমিকসকলে কৈ আহিছে আমি এই দেশৰে নাগৰিক আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰৰ দায়িত্ব আছে। সেয়েহে দীৰ্ঘ সময় ধৰি কেইবাটাও দাবী উত্থাপন কৰি আহিছে শ্ৰমিকসকলে। 

যান-বাহনৰ প্ৰিমিয়াম কম কৰা, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধি কৰি চৰকাৰে চালকৰ ওপৰত আৰ্থিক আক্ৰমণ কৰা বন্ধ কৰা, বাটে-পথে অবৈধভাৱে ধন সংগ্ৰহ, আৰক্ষীৰ হাৰাশাস্তি দিয়া বন্ধ কৰাৰ দাবী উত্থাপন কৰি আহিছে।

পৰিবহণ শ্ৰমিকৰ প্ৰধান দাবী কেইটাঃ

♦ভাৰত চৰকাৰৰ জনস্বাৰ্থ বিৰোধী মটৰ ভেহিকেল সংশোধনী বিধেয়ক-২০১৭ বাতিল কৰা।

♦মটৰ পৰিবহন খণ্ডৰ সুৰক্ষাৰ বাবে আইন প্ৰনয়ন কৰা। মটৰ পৰিহন শ্ৰমিকক পেন্সন দিয়াৰ ব্যৱস্থা কৰা। চালকৰ চিকৎসা, সন্তানৰ চিকিৎসা, শিক্ষা সাহায্য দিয়াৰ ব্যৱস্থা কৰা। 

♦২০১৬ চনৰ ২০ ডিচেম্বৰত জাৰি কৰা অধিসূচনা মতে পৰিবহন পঞ্জীয়ন মাচুল, ফিটনেচ, পাৰ্মিট, চালকৰ লাইচেন্সৰ লেফ মাচুল ৫ টকাৰ পৰিৱৰ্তে ৫০ কৰা সিদ্ধান্ত বাতিল কৰা।

 ♦পেট্ৰল আৰু ডিজেল মূল্য হ্ৰাস কৰা তথা জিএছটি অন্তৰ্ভুক্ত কৰি এক কৰৰ ব্যৱস্থা কৰা।

♦পৰিবহন বীমাৰ তৃতীয় পক্ষৰ মাচুল হ্ৰাস কৰা।

♦ৰাজ্যিক পৰিবহন বিভাগক জীয়াই ৰাখিবৰ বাবে চৰকাৰক ধনৰ আৱণ্টন দিয়াৰ দাবী।

♦পৰিবহন খণ্ডত নিয়োজিত অসংগঠিত শ্ৰমিকৰ মাহিলী পাৰিতোষিক ২৪ হাজাৰ টকা ধাৰ্য কৰা।

♦মটৰ শ্ৰমিকৰ বাবে কল্যাণ আঁচনি প্ৰৱৰ্তন কৰা ধনৰ আৱণ্টন দিয়া।

♦সঠিক পৰিবহন নীতি প্ৰৱৰ্তন কৰা।

♦দেশৰ সকলো চালকক শ্ৰম বিভাগত পঞ্জীয়ন কৰা। যাৰ দ্বাৰা দেশৰ চালকৰ সংখ্যা নিৰূপন কৰা।

এই দাবী সমূহ পূৰণ কৰাৰ বাবে বাবে দাবী জনাই অহাৰ লগে লগে সমগ্ৰ দেশৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰে মটৰ পৰিবহণ শ্ৰমিকৰ দাবী পূৰণ নকৰেহে নকৰে। ফলত পুনৰ মঙলবাৰে পুৱাৰে পৰা ২৪ ঘণ্টীয়া দেশজুৰি পালন কৰে চকা বন্ধ তথা ধৰ্মঘট কাৰ্যসূচী৷ মটৰ পৰিবহণ শ্ৰমিক-কৰ্মচাৰীক পেন্সন দিয়া, চিকি९সাৰ ব্যৱস্থা কৰা, শ্ৰমিক-কৰ্মচাৰীৰ ল'ৰা-ছোৱালীক শিক্ষা সাহায্য দিয়া, মটৰ ভেহিকল আইন ১৯৮৮ সংশোধন কৰি শ্ৰমিক বিৰোধী ধাৰা সন্নিবিষ্টকৰণ বন্দ কৰা, যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত ২৪ ঘন্টীয়া দেশজোৰা ধৰ্মঘট ও চকা বন্ধ কাৰ্যসূচীৰ সমগ্ৰ দেশতে প্ৰভাৱ পৰে।

ভাৰত চৰকাৰৰ জনস্বাৰ্থ বিৰোধী মটৰ ভেহিকেল সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মঙলবাৰে সমগ্ৰ দেশত মটৰ শ্ৰমিকসকলে চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিছে। সমগ্ৰ দেশতে শ্ৰমিকসকলে মঙলবাৰে পুৱাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ দেশত ৰাজপথত গাড়ী মটৰৰ চলাচল স্তদ্ধ হৈ পৰিছে।

অসমতো বন্ধৰ প্ৰভাৱ পৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ২৪ ঘণ্টীয়া চকাবন্ধৰ কাৰ্যসূচীৰ প্ৰভাৱ গুৱাহাটী মহানগৰতো পুৱাৰে পৰা প্ৰভাৱ পৰে। সকলোধৰণৰ ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী যান-বাহনৰ চলাচল বন্ধ থকাৰ ফলত যাত্ৰীয়ে হাহাকাৰ কৰিব লগা হয়।

পুৰণি যান-বাহন আইন সংশোধনী বিধায়ক বাতিল কৰা, পেট্ৰল আৰু ডিজেল মূল্য হ্ৰাস কৰা তথা জিএছটিত অন্তৰ্ভুক্ত কৰি এক দেশ এক কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, মটৰ শ্ৰমিকৰ বাবে কল্যাণ আঁচনি প্ৰৱৰ্তন কৰা আৰু মটৰ শ্ৰমিকৰ অন্যান্য ৯ দফীয়া দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশজোৰা চকা বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ অসমত বিশেষ ভাৱে পৰিছে। চকা বন্ধ কাৰ্যসূচীক ৰাজ্যখনৰ সকলো মটক পৰিবহন সংগঠনে সমৰ্থন আগবঢ়াইছে। মটৰ শ্ৰমিক আৰু চালক সন্থা সমূহে পূৰ্ণ সমৰ্থন আগবঢ়ােৱাৰ ফলত ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰকে ধৰি বিভিন্ন প্ৰান্তত ব্যক্তিগত খণ্ডৰ যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।

গধুৰ আৰু লঘু যান-বাহনৰ চালক, শ্ৰমিক আৰু মালিক পক্ষই পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈয়ে সমস্যাত পেলাই ৰখাৰ সমান্তৰালকৈ মটৰ ভেহিকল এক্ট সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে মটৰ শ্ৰমিকসকলক অন্যায় কৰা হ'ব বুলি কৈ আহিছে।

অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কৰ্ছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক বিৰেন শৰ্মা, সদৌ অসম মটক শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদ, নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ্ছ এণ্ড ড্ৰাইভাৰছ ৱেলফেয়াৰ এছোচিয়েচনৰ সভাপতি  প্ৰদীপ দাস, অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাস, অল গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু অল আছাম কেৱ অপাৰেটৰ ইউনিয়নে এই বন্ধৰ কাৰ্যসূচীক সমৰ্থ জনাই শীঘ্ৰে দাবী সমূহ পূৰণ কৰাৰ বাবে দাবী জনায়।