নতুন দিল্লীঃ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন স্পেছ ৰিচাৰ্জ চেণ্টাৰৰপৰা ১৫ জুলাইৰ পুৱা ২.৫১ বজাত ভাৰতৰ চন্দ্ৰযান-২ মিছন উন্মোচন হোৱাৰ কথা আছিল কিন্তু কিবা কাৰিকৰী বিজুতিৰ ফলত উৎক্ষেপন স্থগিত কৰা হ’ল৷ 

এই অভিযানটোক ভাৰত মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে অতি গুৰুত্বপূৰ্ণ মিছন কৈছে। ইছৰ’ আৰু ভাৰতৰ স্পেছ অনুষ্ঠানৰ ইতিহাসত এয়া প্ৰথমবাৰ হৈছে যে এই গুৰুত্বপূৰ্ণ মিছনৰ আঁৰত ২ গৰাকী মহিলাই মুখ্য ভূমিকা পালন কৰিছে৷  

মুথেয়া বনিতা প্ৰজেক্ট ডাইৰেক্টৰৰ ৰূপত আৰু ৰিতু কাৰিধাল মিছন ডাইৰেক্টৰৰ ৰূপত মিছনৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷

এই দুগৰাকী মহিলা বিজ্ঞানীৰ প্ৰতিভা প্ৰকাশ কৰি বিগত দিনত Isroৰ অধ্যক্ষৰ আধাৰত প্ৰকাশ পাইছে যে চন্দ্ৰযান-২ মিছন টীমত ৩০ শতাংশই মহিলা। ভাৰতৰ দ্বিতীয়টো মহত্বপূৰ্ণ চন্দ্ৰমা অভিযানৰ নেতৃত্ব কৰিছে ২ গৰাকী মহিলাই আৰু বিশ্বৰ সন্মুখত এই কথা প্ৰকাশ কৰি ইছৰোই গৰ্ব অনুভৱ কৰে। 

এই দুগৰাকী মহিলা অৰ্থাৎ বনিতা আৰু ৰিতু বিগত ২০ বছৰতকৈ অধিক সময় Isroৰ সৈতে জড়িত হৈ সেৱা প্ৰদান কৰি আছে৷

চন্দ্ৰযান-২ মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰ বনিতাই ২০০৬ ত সৰ্বশ্ৰেষ্ঠ মহিলা বিজ্ঞানীৰ বঁটা লাভ কৰিছিল। Isroৰ ইতিহাসত যিকোনো প্ৰজেক্টৰ প্ৰধানৰূপে নিৰ্বাচিত প্ৰথমগৰাকী মহিলাই এই গৌৰৱ অৰ্জন কৰিছিল সেই সময়তে। ইয়াৰ পূৰ্বে বনিতা কাৰ্টছেট–১, অছিয়নছেট–২ আৰু মেঘ ট্ৰাপিকছ উপগ্ৰহৰ মিছনৰ জড়িত ডেটা ছিষ্টেমৰ বাবে সহ–নিৰ্দেশকৰূপে আছিল। 

চন্দ্ৰযান-২ মিছনৰ ডাইৰেক্টৰ হোৱাৰ পূৰ্বে ৰিতু ২০১৩ত ভাৰতৰ গুৰুত্বপূৰ্ণ মংগল মিছনত বিজ্ঞানীৰূপে কাম কৰি আছিল। এই মিছন যথেষ্ট সফল হৈছিল আৰু ভাৰত চতুৰ্থখন দেশ আছিল, যিয়ে মংগল গ্ৰহত উপস্থিত হ’বলৈ সফলতা অৰ্জন কৰিছিল। 

সেই সময়তে ৰিতুই মংগল মিছনত উপগ্ৰহৰ অপৰেচনৰ ভূমিকা পালন কৰিছিল। তেওঁক ৰ’কেট ৱিমেন বুলিও কোৱা হয়৷