চতিয়াঃ  বিদ্যালয়ৰ নাম সলনি আৰু বিদ্যালয় উন্নীতকৰণৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ সদৰ মহকুমাৰ ৫ টা গাঁও পঞ্চায়তৰ অধীনৰ ৮ টা কৈ ভোট কেন্দ্ৰৰ নামৰ সামান্য সালসলনি কৰা হৈছে।

সেই অনুসৰি চেলাইখাতী গাঁও পঞ্চায়তৰ অধীনৰ পূৰ্বৰ মহালক্ষী চাহ বাগিচা প্ৰাথমিক বিদ্যালয় গৃহক নতুনকৈ ১ নং মহালক্ষী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰ হিচাপে নামকৰণ কৰা হৈছে। একেদৰে তিনিসূঁতি গাঁও পঞ্চায়তৰ কলাপানী প্ৰাথমিক বিদ্যালয়ক কলাপানী ডিভিজন প্ৰাথমিক বিদ্যালয় হিচাপে, চেলাইখাতী গাঁও পঞ্চায়ত মহজুলি প্ৰাথমিক বিদ্যালয়ক মহজুলি বন্তি প্ৰাথমিক বিদ্যালয় হিচাপে, একে গাঁও পঞ্চায়তৰে মহজুলি পথাৰ প্ৰাথমিক বিদ্যালয়ক মহজুলি পথাৰ প্ৰাথমিক বিদ্যালয়ৰূপে, বিহালী গাঁও পঞ্চায়তৰ কল্যান আশ্ৰম প্ৰাথমিক বিদ্যালয়ৰূপে, ২ নং চতিয়া গাঁও পঞ্চায়তৰ তেৱাৰিপাল প্ৰাথমিক বিদ্যালয়ক ১ নং তেৱাৰিপাল প্ৰাথমিক বিদ্যালয় ৰূপে, একে পঞ্চায়তৰে কটৰাতি প্ৰাথমিক বিদ্যালয়ক মিৰিহোলা প্ৰাথমিক বিদ্যালয় হিচাপে আৰু ৪ নং চতিয়া গাঁও পঞ্চায়তৰ পলাশনি প্ৰাথমিক বিদ্যালয় ১ নং বৰভেটী প্ৰাথমিক বিদ্যালয়ৰূপে নামকৰণ কৰা হৈছে।