আছিকুৰ ৰহমান, চৰাইদেউঃ দৰিদ্ৰতাকো নেওচি আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ কাৰাটেত ৰূপৰ পদক অৰ্জনেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে মৃন্ময় দেউঘৰীয়াই।

'বোকাতহে পদুম ফুলে' এই আপ্তবাক‍্যশাৰী আজি পুনৰবাৰ প্ৰতিপন্ন কৰিলে চৰাইদেউ জিলাৰ কাকতিবাৰীৰ এটি প্ৰতিভাৱান কিশোৰ মৃন্ময় দেউঘৰীয়াই।

দক্ষিণ আফ্রিকাৰ ডাৰবানত ২৯ নৱেম্বৰৰপৰা ২ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা কমনৱেলথ কাৰাটেত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মৃন্ময় দেউঘৰীয়াই।

চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰীৰ নিবাসী বিমান দেউঘৰীয়া আৰু লাকী দেউঘৰীয়াৰ সন্তান মৃন্ময় দেউঘৰীয়াই দক্ষিণ আফ্রিকাৰ ডাৰবানত অনুষ্ঠিত কমনৱেলথ কাৰাটে প্ৰতিযোগিতাৰ চাব জুনিয়ৰ (৪০ কেজি) শাখাত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

আৰ্থিক দুৰৱস্থাকো নেওচি কাকতিবাৰীৰ দৰে অঞ্চলৰপৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে জিলিকাবলৈ সক্ষম হোৱা এইগৰাকী কোকৰাঝাৰস্থিত ছাই কেন্দ্ৰৰ তত্ত্বাৱধানত থকা সপ্তম শ্ৰেণীৰ ছাত্ৰ মৃন্ময় দেউঘৰীয়াৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গৰ লগতে চৰাইদেউ জিলাবাসী।