গুৱাহাটী/নলবাৰীঃ দেশৰ মনোৰঞ্জনৰ আগশাৰীৰ জনপ্ৰিয় চেনেল কালাৰ্ছৰ ৰাইজিং ষ্টাৰ ৰিয়েলিটি-শ্বত নলবাৰীৰ এগৰাকী জীয়ৰীক আমন্ত্ৰণ জনোৱাত আনন্দিত হৈ পৰিছে নলবাৰীবাসী৷ শৈশৱ কালৰ পৰা সংগীতৰ পৰিবেশত দাঙৰ-দীঘল হোৱা জীয়ৰীগৰাকীয়ে শীঘ্ৰে মুম্বাইলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে৷

দীৰ্ঘ সময়ৰ পৰা সংগীতৰ সাধনাত ব্যস্ত থকা নলবাৰীৰ অময়াপুৰৰ জৌতিষ চন্দ্ৰ বৈশ্য আৰু বিচিত্ৰা বৈশ্যৰ কন্যা চয়নিকা বৈশ্যই কালাৰ্ছৰ ৰাইজিং ষ্টাৰ ৰিয়েলিটী শ্ব’ৰ চূড়ান্ত ৰাউণ্ডৰ বাবে মুম্বাইৰ ষ্টুডিঅ’লৈ আমন্ত্ৰিত হৈছে৷

শিল্পীগৰাকীক বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে। যোৱা ১৯ নৱেম্বৰত গুৱাহাটীত ৰাইজিং ষ্টাৰ ২০১৮ৰ তিনিটা ৰাউণ্ডত অডিচন অনুষ্ঠিত হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ তিনিহাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশ লোৱা অডিচনত অংশ লৈ নলবাৰীৰ কন্যা চয়নিকা মুম্বাই লৈ নিৰ্বাচিত হয়। জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া কালাৰ্ছৰ অনুষ্ঠানলৈ শিল্পীগৰাকীয়ে প্ৰথমবাৰৰ বাবে জকাইচুক অময়াপুৰৰ পৰা মায়ানগৰী মুম্বাইলৈ যাত্ৰা কৰিব।

ইউনিভাৰ্চিটি অৱ চায়েঞ্চ এণ্ড টেকনলজিৰ স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী চয়নিকাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় টেলিভিছন চেনেল এম টি ভিৰ কালাৰ অৱ ইউথ চিজন-৬ৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শিল্পী।কন্ঠ শিল্পীগৰাকীয়ে নলবাৰী মহাবিদ্যালয়ৰ ২০১৫ বৰ্ষৰ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত গজলা পৰিবেশন কৰি তৃতীয় স্থান লাভ কৰিছিল।