নিউয়ৰ্কঃ ভাৰতীয় মূলৰ প্ৰসিদ্ধ ছেইফ ফ্লইড কাৰ্ডোজ আৰু নাই। বুধবাৰে নিশাৰ ভাগত কৰ’নাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে কাৰ্ডোজে। যোৱা ৮ মাৰ্চত জাৰ্মানীৰ ফ্ৰাংকফুৰ্ট হৈ নিউয়ৰ্কলৈ উভতিছিল ছেইফগৰাকী।

ইয়াৰ পিছতে অসুস্থ হৈ পৰাত ১৮ মাৰ্চত কাৰ্ডোজৰ কৰ’নাৰ টেষ্ট কৰা হৈছিল আৰু উক্ত টেষ্টত তেওঁৰ দেহত পজিটিভ ধৰা পৰে। আমেৰিকাৰ নিউজাৰ্ছীত তেওঁৰ চিকিৎসা চলি আছিল।

৫৯ বৰ্ষীয় কাৰ্ডোজ মুম্বাইৰ জনপ্ৰিয় ৰেষ্টোৰা বম্বে কেণ্টিন আৰু অ’ পেড্ৰ’ৰ সহঃ স্বত্বাধিকাৰী আছিল। মুম্বাইত জন্মগ্ৰহণ কৰা কাৰ্ডোজ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ কথা এক বিবৃতিযোগে সদৰী কৰিছে তেওঁ কৰ্মৰত কোম্পানী হাংগাৰ ইংকে।

উল্লেখ্য যে যোৱা ১৮ মাৰ্চত কাৰ্ডোজে ইনষ্টাগ্ৰামত এখন ফটো আপলোড কৰি নিজৰ স্বাস্থ্য ঠিক নহয় বুলি অনুৰাগীসকলক জনাইছিল। ফটোখন আপলোড কৰি নিউয়ৰ্কৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱাৰ কথাও জনাইছিল প্ৰসিদ্ধ ছেইফগৰাকীয়ে।