গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান চিলাৰায় মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ দল-সংগঠনে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খন একাংশ লোকৰ একনায়কত্ববাদৰ বাবে ক্ৰমান্বয়ে শৈক্ষিক পৰিৱেশ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপন কৰে৷ 

মহাবিদ্যালয় খনৰ খোদ অধ্যক্ষ, একাংশ প্ৰবক্তাই নিজ খেয়াল খুচি মতে মহাবিদ্যালয় খন চলাব বিচাৰে বুলি মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাই অভিযোগ উত্থাপন কৰে৷ একাংশ লোকে কেৱল আজৰি সময় পাৰ কৰাৰ দৰে মহাবিদ্যালয় খনত সময় পাৰ কৰিবলৈ আহে বুলিও অভিযোগ উত্থাপন হয়৷ একাংশ লোকে নিজ নিজ দায়িত্ব পালনত গাফিলতি কৰাৰ বাবে মহাবিদ্যালয় খনত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি চৰ্চা আৰম্ভ হৈছে৷  

গোলকগঞ্জ অঞ্চলৰ ৰাইজে ভৱিষ্যত প্ৰজন্মক উচ্চ শিক্ষিত কৰাৰ সপোনক সাৰোগত কৰি ১৯৭৩ চনত শিক্ষানুষ্ঠান খন স্থাপন কৰিছিল৷ নাকৰ বিশেষ সন্মান লাভ কৰা তথা গ্ৰেড-বি লাভ কৰা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খনত ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ পৰিৱৰ্তে আভ্যন্তৰীন ক্ষমতা আৰহৰণৰ ৰাজনীতি চলা বুলিও অভিযোগ উত্থাপন হয়৷   

প্ৰতিষ্ঠাপক অধ্যক্ষ নৌচদ জামানৰ দৰে লোকসকলৰ সপোনক বাস্তৱত ৰূপায়িত কৰি অহা শিক্ষানুষ্ঠানত শেহতীয়াকৈ উত্থাপন হৈছে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ৷ আন্তঃগাঁথনি উন্নয়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷

গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ চৰ্চা এতিয়া বাটে-ঘাটে৷ ভাৰত চৰকাৰৰ Rashtriya Uchchatar Shiksha Abhiyan চমুকৈ RUSA আঁচনিৰ ৰূপায়ণ কৰাৰ নামত ব্যাপক ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপন হয়৷ আঁচনিৰ অধিনত আৱন্টন দিয়া এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰেণী কোঠা, কাৰ্যালয় গৃহ দুটা বছৰ নৌহ‌ওঁতেই পকী দেৱাল আৰু ছাডত চিৰাল ফাট মেলে৷

অতি নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ ফলত এতিয়া ছাঁদ খহি পৰাৰ লগতে পকীদেৱাল খহি পৰাৰ আশংকাত সময় পাৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে৷   
আনহাতে শেহতীয়াকৈ ৭৫ লাখ টকাৰে নিৰ্মিত কৰি থকা ছাত্ৰী নিৱাসৰ কামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয় মহাবিদ্যালয়খনত পাঠদান নোহোৱাৰো অভিযোগ উত্থাপন কৰে খোদ ছাত্র একতা সভাৰ কৰ্তৃপক্ষই। 

কোৱা বাহুল্য পাঠদানৰ পৰিৱৰ্তে একাংশ প্ৰৱক্তাই ক্ষমতা আহৰণ আৰু গোলকগঞ্জৰ কোন ঠাইত ভাল খাদ্য পোৱা যায়, বস্ত্ৰ, মিঠাই কত পোৱা যায় এনেবোৰ কথাক লৈ ব্যস্ত হৈ থকা বুলি অভিযোগ উত্থাপিত হয়৷ এনেবোৰ বিষয় ছাত্র একতা সভাক বাৰম্বাৰ মহাবিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। 

ছাত্র একতা সভাই খোদ স্থানীয় সাংবাদিকক মহাবিদ্যালয়ৰ ভিতৰৰ শৈক্ষিক পৰিৱেশ দেখুৱাবলৈ নিছিল যদিও উৰহিৰ ওৰ ওলোৱাৰ ভয়ত বাতৰি সংগ্ৰহ কৰাত বাধা প্ৰদান কৰে৷ সাংবাদিকক মাফিয়াৰ দৰে ব্যৱহাৰ কৰিবলৈ উদ্যত হয়৷ সাংবাদিকৰ দলটোক মহাবিদ্যালয়ৰ ভিতৰত মাৰধৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল৷ 

সময় মতে, আঁতৰি নাহিলে ড০ ভাৰত ভূষণ মহান্তি, অনুৰভ সেন অপূৰ্ব ৰায়ে অভব্য আচৰণ কৰে। চিলাৰায় মহাবিদ্যালয় ছাত্র একতা সভাই এনে ঘটনাক গৰিহণা দিয়ে। মহাবিদ্যালয়খনৰ দুৰ্নীতিৰ বিৰুদ্ধে ধুবুৰী জিলা উপায়ুক্তক ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰিছে ছাত্ৰ একতা সভাই। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা একাংশ ছাত্র একতা সভাৰ সদস্যক একাংশ প্ৰৱক্তাই ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ একতা সভাই।