কোকৰাঝাৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ থানাৰ ২নং চিৰাকুটাৰ বাসিন্দা আব্দুল কদ্দুছ আলিৰ ১৯ বছৰীয়া পুত্ৰ আশাদ আলিয়ে কালি নিশা কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ এগৰাকী নাৱালিকা কন্যাক বিবাহ কৰাবলৈ সদলবলে বিবাহ বাহৰত উপস্থিত হয় যদিও এবিএমছুৰ তৎপৰতাত আৰু আৰক্ষীৰ হস্তক্ষেপত উক্ত বিয়াখন সাময়িকভাৱে স্থগিত ৰখা হয় ।

বিবাহ বাহৰত মাংগলিক কাৰ্যৰ সলনি আৰক্ষীৰ সদলবল উপস্থিতিয়ে একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পিছত দৰাপক্ষই কইনা অবিহনেই স্বগৃহলৈ উভতি যায় ।

উল্লেখ্য যে ছালাকাটিত বাল্য বিবাহৰ বাতৰি লাভ কৰি সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা ( এবিএমছু )ৰ সভাপতি লাফিকুল ইছলাম আহমেদ সহিতে এবিএমছুৰ এটা দল বিবাহথলীত মাজনিশা উপস্থিত হৈ বাল্যবিবাহৰ বিৰোধিতা কৰে ।

বাল্য  বিবাহ আইন বিৰোধী কাৰ্য আৰু এবিএমছুয়ে সদায় বাল্য বিবাহৰ লগতে যৌতুক বিবাহ, বহু বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে মাত মাতি যাব আৰু সেয়েহে উক্ত বিয়াখন স্থগিত কৰিবলৈ এবিএমছুৰ দলটোৱে দাবী জনোৱাত বিবাহ বাহৰত কিছু  বাদানুবাদ চলে । পিছত বিবাহ বাহৰত ছালাকাটি আৰক্ষী চকীৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে দুয়োটা পৰিয়ালৰ মাজত আলোচনা কৰি সাময়িক ভাৱে বাল্য বিবাহখন স্থগিত ৰাখে ।

ল'ৰাৰ ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰ সম্পূৰ্ণ নোহোৱা লৈকে উক্ত বিবাহখন সাময়িকভাৱে স্থগিত থাকিব বুলি দুয়োপক্ষই সন্মতি দিয়ে । ইফালে নাৱালিকা ছোৱালী জনীৰ পঢ়া শুনাৰ ক্ষেত্ৰত এবিএমছুয়ে সম্পূৰ্ণ দায়িত্ব গ্ৰহন কৰিব বুলি প্ৰকাশ কৰিছে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদে । ইয়াৰোপৰি এবিএমছুৱে সংখ্যালঘু জনসাধাৰনক নিজৰ ছোৱালীক কম বয়সত বিয়া দিয়াৰ পৰিবৰ্তে উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ আহ্বান  জনাইছে ।