দিল্লীঃ কাপোৰ ধোৱা মেচিনত সোমাই দুই শিশুৰ কৰুণ মৃত্যু। পশ্চিম দিল্লীত সংঘটিত হয় এই দুৰ্ঘটনা৷ শনিবাৰে আবেলি যঁজা শিশুহালৰ মাতৃয়ে অলপ সময়ৰ বাবে নিশান্ত আৰু নাক্ষ্যক ৱাশ্বিং মেছিনৰ ওচৰত থৈ কাপোৰ ধোৱা চাবোন আনিবলৈ গৈছিল। উভতি আহি মাতৃগৰাকীয়ে সন্তান দুটিৰ সন্ধান নাপাই বিচাৰ-খোচাৰ আৰম্ভ কৰে৷ আৰক্ষীক খবৰ দিওঁতে আৰক্ষীয়ে ৱাছিং মেছিনৰ পৰা শিশুহালক উদ্ধাৰ কৰে৷

শিশুহালক ওচৰৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত শিশুহালক মৃত ঘোষণা কৰা হয়৷ আৰক্ষীৰ তথ্য অনুসৰি ৱাশ্বিং মেছিনৰ প্ৰায় ১৫ লিটাৰ পানীত ডুবি শিশুহালৰ মৃত্যু হয়৷ শিশুদুটাৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে৷