ঘটনাটো ঘটাৰ সময়ত মুখ্যমন্ত্ৰীজনে দুপৰীয়াৰ আহাৰৰ কাৰণে নিজৰ কাৰ্যালয়ৰপৰা ওলাইছিল৷ সেই সময়তে আক্ৰমণকাৰীজনে কেজৰিৱালক এখন চিঠি দিবলৈ তেওঁৰ কাষ চাপি কেজৰিৱালৰ হাতত চিঠি এখন দি তেওঁৰ চকুত জলকীয়াৰ গুড়ি দলিয়াই দিয়ে৷

নতুন দিল্লীঃ আজি দুপৰীয়া দিল্লীৰ সচিবালয়ৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চকুত এজন লোকে জলকীয়াৰ গুড়ি মাৰি আক্ৰমণ কৰে৷

ঘটনাতো ঘটাৰ লগে লগে আৰক্ষীয়ে আক্ৰমণকাৰী অনিল কুমাৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে৷ ঘটনাটো ঘটাৰ সময়ত কেজৰিৱালে দুপৰীয়াৰ আহাৰৰ কাৰণে যাবলৈ নিজৰ কাৰ্যালয়ৰপৰা ওলাইছিল৷ সেই সময়তে আক্ৰমনকাৰীজনে কেজৰিৱালক এখন চিঠি দিবলৈ তেওঁৰ কাষ চাপি কেজৰিৱালৰ হাতত চিঠি এখন দি তেওঁৰ চকুত জলকীয়াৰ গুড়ি দলিয়াই দিয়ে৷

আম আদমি পাৰ্টীৰ নেত্ৰী অলকা লাম্বাই এইবুলি অভিযোগ কৰে যে 'দিল্লী ৰাজ্যৰ সচিবালয়ৰ নিচিনা স্থানত এনেকুৱা ঘটনা বাৰে বাৰে ঘটি আছে৷ কেন্দ্ৰত শাসনত থকা বি জে পিৰ নিৰ্দেশতেই যে এই ঘটনাবোৰ ঘটি আছে সেইটো আৰু আমি বুজিবলৈ বাকী নাই৷’

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই বি জে পিক তীব্ৰ আক্ৰমণ কৰি কয় যে, এইধৰনৰ ঘটনাবোৰ যে বি জে পিৰ নিৰ্দেশতেই ঘটিছে সেয়া অতি স্পষ্ট৷ কিন্তু বি জে পিয়ে এইটো কথাও মনত ৰখা উচিত যে আমি এনেকুৱা কাণ্ড-কাৰখানাবোৰক অলপো ভয় নকৰোঁ৷

আম-আদমি পাৰ্টীৰ প্ৰাক্তন নেতা যোগেন্দ্ৰ যাদৱ আৰু আশুতোষেও কেজৰিৱালৰ ওপৰত হোৱা এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে৷ 

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ ওপৰত হোৱা আজিৰ আক্ৰমনক দিল্লী বি জে পিৰ নেতা মনোজ তিৱাৰীয়ে তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু দোষীক অতি কঠোৰ শাস্তি দিবলৈ দাবী কৰে৷

উল্লেখযোগ্য যে ৫০ বছৰীয়া অৰৱিন্দ কেজৰিৱালে আগতেও বহুবাৰ এনেকুৱা আক্ৰমনৰ সন্মুখীন হৈছে৷ কেজৰিৱালৰ ওপৰত চৰ মৰা, জোতা দলিওৱা, চিঞাহি মৰা আদি ঘটনা একাধিকবাৰ ঘটিছে৷