বেইজিংঃ টি ভিত বাতৰি পঢ়োতাসকল, সাৱধান! আপোনাৰ চাকৰিলৈ ভাবুকি আহিছে! ৰবটে নিউজ পঢ়িবলৈ আৰম্ভ কৰিছে।

চীনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানে দিনটোৰ ২৪ ঘণ্টাই ইংৰাজীত বাতৰি পঢ়িবলৈ এটা কৃত্ৰিম পঢ়ুৱৈ সাজি উলিয়াইছে। দেশখনৰ পূব প্ৰান্তৰ উজেহেন চহৰত এই ৰবটটোৰ বিষয়ে যোৱা বুধবাৰে এক ইণ্টাৰনেট কনফাৰেন্সত চীনে ঘোষণা কৰে।

ৰবটটোৰ প্ৰথম ঘোষণা আছিল, 'Hello, you are watching English news programme. I am AI news anchor in Beijing. I will work tirelessly to keep you informed as texts will be typed into my system uninterrupted.'

মানুহৰ মাত, অমগি-ভংগী কৰিব পৰা এই ৰবটটো জিংহুৱা আৰু চীনা ছাৰ্চ ইঞ্জিন কোম্পানী ছগৌৱে উদ্ভাৱন কৰিছে৷ ইয়াক ইণ্টাৰনেটত ডাউনলোড কৰি বাতৰি শুনিব পৰা যাব৷

ঝাং ঝাও (Zhang Zhao) নামৰ এই নিজউ ৰিডাৰ ৰবটৰ দৰে ৰবট চৰকাৰী বাতৰি সংস্থাসমূহে ভৱিষ্যতে ব্যৱহাৰ কৰিব নে নাই সেই কথা অৱশ্যে চীনে এতিয়াও প্ৰকাশ কৰা নাই৷