ডিজিটেল ডেস্কঃ দিল্লীত কুঁৱলীৰ বাবে যি পৰিস্থিতি উদ্ভব হৈছে তাতোকৈয়ো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল চীনৰ ৰাজধানী বেইজিঙত৷ বিগত চাৰি দিন ধৰি বেইজিঙৰ আকাশ আৱৰি আছিল ঘন কুঁৱলীৰে ৷ কিন্তু বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প যেতিয়া তাত উপস্থিত হয় তেতিয়া বেইজিঙৰ আকাশ আছিল সম্পূৰ্ণ মুকলি৷

মুহূৰ্তৰ  ভিতৰতে ফৰকাল হৈ পৰিল বেইজিঙৰ আকাশ৷ চাফটো কৰিবই লাগিব কিয়নো আলহী আহিছে বিদেশৰ পৰাষ তাতে আকৌ চুপাৰ পাৱাৰ দেশৰ মুৰব্বী আমেৰিকাৰ ৰাষ্ট্ৰপতি। চুপাৰ ৰাষ্ট্ৰপতিয়ে যাতে কোনো ধৰণৰ অসুবিধাত নপৰে তাৰ ব্যৱস্থা কৰিলে বেইজিং প্ৰশাসনে। 

বেইজীঙৰ কিছু কিছু এলেকাত মঙলবাৰলৈকে ঘন কূঁৱলী দেখিবলৈ পোৱা গৈছিল৷ কিন্তু চীনে এনেকুৱা যাদু কৰি দেখালে যে মঙলবাৰে নিশাতে সকলো কুঁৱলী আঁতৰি গ’ল৷ 

কিন্তু  চিন্তাৰ কথাটো হ’ল কেনেদৰে পৰিষ্কাৰ হ’ল চীনৰ আকাশ? চীনে যান বাহান আৰু কাৰখানাৰ নিৰ্মাণ কাৰ্যসমূহ অস্থায়ী ভাৱে বন্ধ কৰি দিয়ে। ষ্টীল, চিমেন্ট আৰু কয়লা কোম্পানী সমূহৰো উৎপাদন অস্থায়ী ভাৱে কৰে। অন্য চহৰ সমূহৰ পৰা আহিবলগীয়া সকলো বাহনত বন্ধ কৰে৷

কুঁৱলী আঁতৰোৱা মেচিন ব্যৱহাৰ কৰে যাৰ বাবে ধূলিৰ আৱৰণ সম্পুৰ্ণৰূপে তললৈ নামি আহে৷ কিন্তু এতিয়া প্ৰশ্ন হয় যে চীনৰ দৰে ভাৰতেও এই উপায় সমূহৰ ব্যৱস্থা কৰিব নোৱাৰেনে? মন কৰিব লগীয়া যে দুয়োখন দেশেই ঘন জনবসতি পূৰ্ণ আৰু ব্যস্ততা পূৰ্ণ য’ত সকলো সময়তে যান বাহন  আৰু মানুহৰ ভিৰ দেখিবলৈ পোৱা যায়৷