ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত মালদ্বীপৰ ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনে সোমবাৰে সংসদত ত্ৰিশ দিনৰ বাবে জৰুৰী অৱস্থা বৃদ্ধি কৰাৰ আৰ্জি জনাইছিল৷ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ পৰামৰ্শ মতে সাংবিধানিক সংকটৰ পৰা মুক্ত হ’বলৈ জৰুৰী অৱস্থাৰ বৃদ্ধি কৰাৰ সংসদত আহ্বান জনোৱাৰ পিছতেই চীনে সুবিধা লোৱাৰ কথা পোবৰলৈ আহিছে৷

দেশ খনত জৰুৰী অৱস্থা অব্যাহত থকাৰ সময়তে চুবুৰীয়া দেশ মালদ্বীপত থিতাপি লোৱাৰ সুবিধা লৈ ভাৰতক চাপত ৰখাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে চীনে৷ জৰুৰী অৱস্থা দিশে গতি কৰাৰ লগে লগে সুবিধা লৈছে ৰঙা চীনে৷ দেশ খনত সাংবিধানিক সংকট স্পষ্ট হৈ পৰাৰ সময়তে চীনে মালদ্বীপত যুদ্ধ জাহাজ অৱস্থান কৰাৰ খবৰ আহিছে৷

Sina.com.cn নামৰ চীনা ৱেব ছাইটৰ খবৰ মতে ১১ খন চীনৰ যুদ্ধ জাহাজ ভাৰত মহাসাগৰত ৰখাই থোৱা হৈছে৷ ফেব্ৰুৱাৰী মাহৰ পৰাই যুদ্ধ জাহাজ ভাৰতীয় মহাসাগৰত ৰৈ থকাৰ কথা চীনৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে৷ যুদ্ধ জাহাজ থিয় কৰি ভাৰতক চাপত ৰখাৰ চেষ্টা কৰে চীনে৷ চুবুৰীয়া দেশ মালদ্বীপত ৰাষ্ট্ৰপতিৰ নিৰ্দেশত জৰুৰী অৱস্থা ঘোষণা হৈছে৷

যাৰ বাবে দেশ খনত সাংবিধানিক সংকটৰ মাজেৰে পাৰ কৰিব লগা হৈছে৷ দেশ খনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক জেলত বন্দী কৰা হৈছে৷ মালদ্বীপৰ বিৰোধী নেতাই আশংকাত দিন পাৰ কৰি ভাৰতে এনে অৱস্থাত হস্তক্ষেপ কৰা প্ৰয়োজন বুলি কয়৷ মালদ্বীপৰ বৰ্তমানৰ চৰকাৰে ইয়াক ঘৰুৱা পৰিস্থিতি উল্লেখ কৰি ভাৰতে মালদ্বীপৰ পৰিস্থিতিত হস্তক্ষেপ কৰিলে ফল ভাল নহ’ব বুলি কয়৷

এনে সময়তে চীনা নাগৰিকক মালদ্বীপত প্ৰৱেশ কৰাত বাধা নিষেধ কৰে চীন চৰকাৰে৷ যুদ্ধ জাহাজ সন্দৰ্ভত এতিয়ালৈ ভাৰত আৰু চীন দেশৰ চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ জানিব পৰা মতে, এটি টুইটত পিপল লিবাৰেচন আৰ্মীয়ে উদ্ধাৰ অভিযানৰ আখৰা বুলি কৈ ফটো চেয়াৰ কৰে৷ যোৱা ০৫ ফেব্ৰুৱাৰীৰ পৰা দেশ খনত ১৫ দিনৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে৷