ভাৰতত বন্দী এজন চীনা সৈনিকৰ আত্মগাথা

Printer-friendly versionSend by email

(দেশে দেশে অসহায় সৈনিক। সুদীৰ্ঘ ৫৪ বছৰ ধৰি ভাৰতত বন্দী এজন চীনা সৈন্য, ৱাং ছী। সীমান্তৰ পৰা পোনে পোনে ৱাঙক অনা হয় গুৱাহাটীলৈ। শেষত পঞ্জাব হৈ পৰে তেওঁৰ দ্বিতীয় ঘৰ। একাধিকবাৰ আবেদন-নিবেদন কৰিও উভতি যাব নোৱাৰিলে স্বদেশলৈ। আন্তঃৰ্জাতিক সংবাদ মাধ্যমে এয়া পোহৰলৈ অনাৰ পিছতে বিষয়টো গুৰুত্বসহকাৰে লয় চীনা দূতাবাস আৰু ভাৰত চৰকাৰে। চীনা দূতাবাসৰ বিষয়াসকলে শেহতীয়াকৈ ৱাঙক সাক্ষাৎ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে। newsnextone.comৰ পঢ়ুৱৈসকলৰ বাবে আগবঢ়োৱা হৈছে এই চীনা সৈনিকজনৰ উপন্যাসোপম জীৱন কাহিনী।)

মোৰ নাম ৱাং ছী,  জীৱনৰ ৭৭ টা বসন্ত গৰকা এজন তেনেই অসহায়  বৃদ্ধ৷ চীনৰ চিয়ানয়াং চহৰত মই প্ৰথম পৰিচয় হৈছিলো জীৱনৰ সৈতে, পৃথিৱীৰ সৈতে৷ কিন্তু নিয়তিৰ পৰিহাসত মই ৫৪ টাকৈ বছৰ পাৰ কৰিবলগীয়া হ’ল ভাৰত৷ এতিয়া এই বয়সত যেতিয়া জীৱনৰ সকলো ৰং ক্ৰমাত ধূসৰ হ’ব ধৰিছে মোৰ এটাই ইচ্ছা মোক এবাৰ মোৰ জন্মভূমিখন  চাবলৈ দিয়া৷ মোৰ সেই ঠাইখন য’ৰ ধূলিৰ লগত জড়িত হৈ আছে মোৰ হাহিঁ,কান্দোন আৰু দুষ্টালিবোৰ৷ এতিয়াওঁ ৰিণি ৰিণি মনত পৰে সেই আপোনসকলৰ কথা যাৰ হাতৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকিছিলো, পৃথিৱীখনৰ লগত চিনাকি হৈছিলো৷ মোৰ কাহিনী কোনো উপন্যাসতকৈ কম নহয়৷ আজিৰ পৰা ৫৪  বছৰ আগৰ ঘটনা এটাই মোৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে৷

মই আছিলো চিয়ানয়াং চহৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ পাচঁজন পুত্ৰ সন্তানৰ এজন। মোৰ দুগৰাকী ভগ্নীও আছিল৷ অতি কষ্ট আৰু পৰিশ্ৰমৰ ফলত এদিন মই চীনা সেনাত যোগদান কৰিছিলো৷ সেই সময়তে মই দেউতাক হেৰুৱাইছিলো৷ মোৰ মানসিক অৱস্থাৰ কথা ভাবিয়েই মোক কোনেও খবৰ নিদিলে৷ মই কেতিয়াও ভবাই নাছিলো যে মই এনেকৈ আপোনসকলৰ পৰা আতৰি আহিব লাগিব৷

আকৌ আজি উভতি গৈছো ১৯৬৩  চনৰ সেই দিনটোলৈ যিটো দিনে সলনি কৰি দিলে মোৰ গতিপথ ৷ ৰাস্তা হেৰুৱাই পাহাৰীয়া পথেৰে ভাৰতৰ টাৱাং অঞ্চলত সোমাই পৰিছিলো, য’ত মোক ৰেডক্ৰছৰ জীপ এখনে ভাৰতীয় সৈন্যবাহিনীৰ হাতত গতাই দিছিল৷ আইন আমান্য কৰাৰ অপৰাধত মই যুদ্ধবন্দী হ’লো৷ দিছপুৰ সেনা ছাউনীৰ পৰা পাঞ্জাৱৰ নাভা জেলৰ এই সুদীৰ্ঘ বন্দীত্বৰ কালছোৱাত মই এটাই কথা ভাবিছিলো "ইয়াৰ পিছত মই কি কৰিম? কেনেকৈ সময়বোৰ অতিবাহিত হ’ব? কোনফালে যাম ,ইমানবোৰ যন্ত্ৰণা কেনেদৰে আৰু কিমানদিনলৈ সহিম?"

এখন সম্পূৰ্ণ পৃথক দেশ,  এদল অচিনাকি মানুহ আৰু এটা কাহানিও নুবুজা ভাষা৷ এজন বিদেশী সৈনিক হিচাপে যিমান জীয়াতু ভুগিব লাগিছিল তাতকৈয়ো বেছি ভুগিলো৷ অৱশেষত ১৯৬৯ চনৰ এটা মোকৰ্দমাৰ অন্তত মোক মুক্তি দিলে৷ কিন্তু মই বুজি নাপালো মোক কিয় মোৰ দেশলৈ পঠিওৱা নহ’ল? এনেকুৱা এটা দিন নাছিল যিদিনা মোৰ ঘৰলৈ মনত পৰা নাছিল৷ মোৰ প্ৰিয় চীনা খাদ্যৰ সোৱাদ মই পাহৰিব লৈছিলো৷ এই কেইবছৰত মই লাহে লাহে অলপ হিন্দী ক’বলৈ শিকিছিলো৷ সেইটোৰ বাহিৰে মোৰ ওচৰত একো উপায় নাছিল৷ বছৰৰ পিছত বছৰ পাৰ হৈ গ'ল যদিও মই কিন্তু একজিট ভিছাৰ বাবে অপেক্ষা কৰিবলৈ বন্ধ কৰা নাছিলো।

আজিলৈ মই হাতেৰে ভাত খাবলৈ শিকা নাই, ছপষ্টিক ব্যৱহাৰ কৰো৷ সেই সময়ত মই এখন ঘেহুঁ দোকানত ঘেহুঁ পিছা কাম কৰিবলৈ ল’লো৷ মই খুবেই যত্ন সহকাৰে কামবোৰ কৰিব ল’লো৷ মই এটা সপ্তাহতে কামবোৰ শিকি ল’লো৷ মই আৰু দুগুণ কষ্ট কৰিবলৈ ল’লো৷ ৫০ কিঃমিঃ পথ চাইকেল চলাই গাখীৰ বিক্ৰী কৰিলো৷ মই কম খৰছত চলিব পৰা মানুহ। এটকা দুটকাকৈ জমা কৰি মই দোকান এখন খুলিলো৷ বহুবাৰ মোৰ আৰক্ষীৰ লগত কাজিয়া হৈছিল৷ কেইবাবাৰো মোক তেওঁলোকে আক্ৰমণ কৰিছিল৷

মই কেইবাবাৰো মালৈ চিঠি লিখিছিলো, কিন্তু প্ৰত্যেকবাৰেই চিঠিবোৰ ঘুৰি আহিছিল৷  বহু বছৰ পিছত মোৰ এখন চিঠি মায়ে পাইছিল৷ মই জীয়াই আছো বুলি জানি মোৰ ৰুগীয়া আয়ে হেনো খুব আৰাম পাইছিল৷ মোৰ অনুৰোধত মায়ে পিছৰবাৰ চিঠিৰ লগত এখন ফটো দি পঠিয়াইছিল৷ ২০০২ চনত মই বহু বছৰ পিছত মাৰ মাতটো শুনিছিলো৷ মায়ে মোক এবাৰ চাবলৈ ইচ্ছা কৰিছিল কিন্তু নহ’ল৷ মোৰ ফটোখন সন্মুখত লৈয়ে ২০০৬ চনত মায়ে চিৰদিনলৈ চকু মুদিলে৷

মই গাৱঁত অকলশৰীয়া আছিলো। সেয়ে মোক গাওঁবাসীয়ে মহাৰ সম্প্ৰদায়ৰ সুশীলাৰ লগত বিয়া পতাই দিলে ৷ আমাৰ বাবে এই বিয়াখন সহজ নাছিল৷ আমি এজনে আনজনৰ ভাষা নাজানিছিলো৷ লাহে লাহে আমি সম্পৰ্কটো ভালকৈ বুজি পোৱা হ’লো৷ মই চীনলৈ গৈ উভতি নাহো বুলি সুশীলাই ভয় খাইছিল৷

এতিয়া মোৰ এইখনেই ঘৰ৷ ইয়াতে মোৰ দুই পুত্ৰ-কন্যা, নাতি-নাতিনী সকলো আছে৷ এইসকলক এৰি মই ক’লৈ যাম? তথাপিওঁ মোৰ এটাই ইচ্ছা, আপোন দেশখন, মোৰ প্ৰিয় জন্মভূমিখন শেষবাৰৰবাবে চোৱা৷ মই বহুবাৰ প্ৰধানমন্ত্ৰীসকলৰ ওচৰত আবেদন কৰিলো, কিমানবাৰ আদালতৰ ওচৰত সহায় ভিক্ষা কৰিলো, কিন্তু একোৱেই নহ’ল।                        

BBCৰ সহায়ত প্ৰথমবাৰৰ বাবে মই ৩০০০কিঃ মিঃ দূৰৈত থকা মোৰ ৮২ বছৰীয়া  ককাইদেউৰ লগত ম’বাইল যোগে কথা পাতিলো৷ সুদীৰ্ঘ ৫৪ বছৰৰ অন্তত মই হেঁপাহ পলুৱাই কৈছিলো মোৰ চিৰ চেনেহী ভাষা৷ এতিয়া হেনো মোৰ দেশখন বহুত সলনি হ’ল, বহুত আগবাঢ়ি গ'ল ৷ মোক ককাইদেউৱে সুধিছিল "কেতিয়া আহিবি তই, তোক চাবলৈকে মই জীয়াই আছো" কিন্তু মই কি ক’ম? এইটো যে মোৰ বাবে এতিয়াওঁ এক সাথৰ। হয়তো এক উত্তৰবিহীন প্ৰশ্নত এতিয়াওঁ বন্দী মই৷