কোকৰাঝাৰঃ বড়ো সাহিত্যৰ জনক তথা বড়ো ভাষাত ৬০ খনতকৈও অধিক উপন্যাস ৰচনা কৰা সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীক মঙলবাৰে ৰাইজে স্মৰণ কৰে৷ কোকৰাঝাৰ জিলাৰ আফলা গাঁৱৰ অন্ঠাইগুড়ীস্থিত নিজ বাসগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চিত্তৰঞ্জন মুছাহাৰীৰ আদ্যশ্ৰাদ্ধত চিত্তৰঞ্জন মুছাহাৰীৰ প্ৰতিচ্ছবিত প্ৰয়াত সাহিত্যিকগৰাকীৰ পত্নী ভাৰতী মুছাহাৰীয়ে মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো প্ৰমুখ্যে বহু সংখ্যক লোকে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই সাহিত্যিকগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু বড়ো সাহিত্যৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি তেওঁৰ নামত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয় যে চিত্তৰঞ্জন মুছাহাৰী বড়ো সাহিত্যৰ জনক আছিল আৰু ৬০ খনতকৈও অধিক উপন্যাস ৰচনা কৰি বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।

চিত্তৰঞ্জন মুছাহাৰীক ইতিমধ্যে বড়ো সাহিত্য সভাই বড়ো উপন্যাসৰ সম্ৰাট উপাধি প্ৰদানেৰে তেওঁৰ সৃষ্টিৰাজীক স্বীকৃতি প্ৰদান কৰিছে বুলি মন্তব্য আগবঢ়ায় বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই। উল্লেখ্য যে, অন্ঠাইগুড়ী গাঁৱত ১৯৪৪ চনৰ ১৫ আগষ্টত জন্ম লাভ কৰি চলিত বৰ্ষৰ ১৬ জানুৱাৰীত ইহলীলা সম্বৰণ কৰা সাহিত্যিকগৰাকীৰ ৰচিত উপন্যাস ‘জুজাইনি অৰ’, ‘বিখায়া গাৱৌ খুগায়া গেৱা’, ‘ফৈমাল মিজিং’ ইত্যাদিয়ে বিশেষ সমাদৰ লাভ কৰিছিল। প্ৰণিধানযোগ্য যে সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীক বিটিচি চৰকাৰে ২০১৪ চনত প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য বঁটা আৰু বড়ো সাহিত্য সভাই সমেশ্বৰী সাহিত্য বঁটা প্ৰদান কৰে৷ তেওঁৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এবছু, বিপিএফকে ধৰি বিভিন্ন দল-সংগঠনে পুণ্য স্মৃতি চাৰণেৰে প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পন কৰে।