ডিজিটেল ডেস্কঃ চিগাৰেটৰ আসক্তিত ডুবিছে দেশৰ ছয় লাখতকৈও অধিক শিশু। এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে আমেৰিকান কেন্সাৰ ছ’চাইটি আৰু আমেৰিকাস্থিত ভাইটেল ষ্ট্ৰেটেজি নামৰ সংস্থাৰ ধঁপাত সংক্ৰান্ত যুটীয়া প্ৰতিবেদনত। 

চলিত সপ্তাহত প্ৰকাশ পোৱা প্ৰতিবেদনখনৰ মতে শেহতীয়া বছৰকেইটাত ধঁপাতৰ ব্যৱহাৰ কম হোৱা স্বত্বেও দেশত ১০ ৰপৰা ১৪ বছৰ বয়সৰ শিশু চিগাৰেট সেৱন কৰিবলৈ লৈছে।

প্ৰতিবছৰে ভাৰতত ৯ লাখৰ অধিক লোক ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ কাৰণে ৰোগাক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ভাৰতত ১০ কোটিৰো অধিক বয়স্ক লোকে চিগাৰেট সেৱন কৰে। উল্লেখ্য যে প্রতিবছৰে ৯৩২,৬০০ গৰাকী ভাৰতীয় মানুহৰ কৰ্কট ৰোগাক্ৰান্ত হয় আৰু ১৭৮৮৭ জনৰ সপ্তাহত মৃত্যু ঘটে। 

১০৩ মিলিয়ন প্রাপ্তবয়স্ক লোকে প্রতিদিনে ধূমপান কৰে। ভাৰতত ধূমপানৰ নামত আৰ্থিক ব্যয় হয় ১৮১৮৬৯১ মিলিয়ন ধনৰাশি। ইয়াৰ ভিতৰত চিকিৎসালয়ৰ খৰচ, মৃত্যুৰ আগৰ অসুস্থতা আৰু বিভিন্ন পৰোক্ষ খৰচ উভয়ে অন্তৰ্ভুক্ত হৈ আছে। 

যদিও ভাৰতৰ ধূমপানমুক্ত কৰিব বিচৰা হৈছে তথাপি দেশত ৪২৯,৫০০ ল’ৰা আৰু ১৯৫,৫০০ ছোৱালীয়ে ধুমপান কৰে। মহিলাৰ তুলনাত পুৰুষৰ এইক্ষেত্ৰত প্ৰৱণতা অধিক দেখা যায়। 

পৰিসংখ্যৰ ফালৰ পৰা চালে এই বৃদ্ধি ৯০ লাখৰ পৰা ১৩০ লাখ হৈছেগৈ। অন্যহাতে ধঁপাত সেৱন কৰা ১৭ কোটি ১০ লাখ লোকৰ ধঁপাত সেৱন কৰাৰ ফলত মুখ আৰু গলৰ কৰ্কট ৰোগে দেখা দিয়ে।