ডিজিটেল ডেস্কঃ আমি সাংবাদিকতাৰ স্বাধীনতাক সন্মান কৰো৷ কিন্তু তেওঁলোকে দায়িত্ব সহকাৰে কাম কৰিব লাগিব৷ এই মন্তব্য দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ৷

দ্যা ৱায়াৰৰ সংবাদিক ৰোহিনী সিঙৰ আৱেদনৰ শুনানীৰ কালত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কয়, কিছুমান লোকে পদ এটাত বহি সকলো লিখিব পাৰিব নেকি? ইয়াকে সংবাদিকতা বুলি কয়? ময়ো সাংবাদিকতাক সন্মান কৰো, কিন্তু কোনোবাই কেনেকৈ কাৰোবাৰ বিষয়ে যিকোনো কথা কব আৰম্ভ কৰি দিয়ে৷ ইয়াৰ কোনো সীমা থাকে৷

দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাই নিউজ চেনেল আৰু ৱেবছাইট সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ মুখ্য ন্যায়াধীশ দিপক মিশ্ৰই বৈদ্যুতিন মাধ্যমে নিজেই সিংহাখনত বহি থকা বুলি ভাবিব নালাগে বুলি কয়৷

বৈদ্যুতিন মাধ্যমে নিশাৰ ভিতৰতে পোপ হৈ যাব বুলি ভাবিব নালাগে৷ বৈদ্যুতিন মাধ্যমত একাংশ লোক আছে যিয়ে যিকোনো লিখিব পাৰিম বুলি ভাবে৷ বৈদ্যুতিন মাধ্যম আৰু ৱেবছাইটে তথ্যহীন আৰু উত্তেজিত খবৰ প্ৰকাশ কৰিব নোৱাৰে৷ সজাগ সাংবাদিকতাত গুৰুত্ব দি বৈদ্যুতিন মাধ্যম আৰু ৱেবছাইটক সজাগ বহলৈ আৰু কয় ‘‘মিডিয়াৰ স্বাধীনতাক খৰ্ব কৰি ৰাখিবলৈ কোনো প্ৰশ্নই উত্থাপন নহয়৷ 

মই নিজে এনে প্ৰয়াসক খাৰিজ কৰিছো যাৰ দ্বাৰা সংবাদ মাধ্যমৰ স্বাধীনতাত বাধা আহিব পাৰে৷ কিন্তু আমি মিডিয়া, বিশেষ কৈ বৈদ্যুতিন মাধ্যমৰ পৰা এনে দায়িত্বৰ আশা কৰো৷ গণতন্ত্ৰত সকলোৰে অংশ গ্ৰহণ ভালধৰণে হ’ব লাগে৷

দ্যা ৱায়াৰৰ সাংবাদিক ৰোহিত সিঙৰ আৱেদনৰ শুনানী কালত মুখ্য ন্যায়াধীশে কয় মই এই ঘটনা সন্দৰ্ভত নহয় মই সাধাৰণ কথা হে কৈছো৷ দ্যা ৱায়াৰৰ সম্পাদকৰ বিৰুদ্ধে অপৰাধজনিত মানহানি গোচৰ চলোৱাৰ ববাে মান্তি নহয়৷ অহা ১২ এপ্ৰিলত পুনৰ শুনানী অনুষ্ঠিত হ’ব৷

গুজৰাট উচ্চ ন্যায়ালয়ে ৱেব পৰ্টেল দ্যা ৱায়াৰৰ সাংবাদিক ৰোহিনী সিঙৰ আৱেদন খাৰিজ কৰিছিল৷ অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে ৰুজু কৰা অপৰাধজনিত মানহানিৰ গোচৰ বন্ধ কৰাৰ আৱেদন জনাইছিল৷ ৱেব ছাইটোৱে দাবী কৰিছিল যে, ২০১৪ চনত এনডিএ শাসনত অহাৰ পিছতেই জয় শ্বাহৰ কোম্পানীয়ে ১৬ হাজাৰৰ পৰা ব্যৱসায় বৃদ্ধি কৰে৷ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এবছৰৰ ভিতৰত ৫০ হাজাৰৰ পৰা ৮০ কোটি টকা টকালৈ বৃদ্ধি হয়৷ ইয়াৰ পিছতেই সাংবাদিক ৰেহিনী সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে জয় শ্বাহে৷