জোনাইঃ অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ বক্কুল মেঃবত চিয়াং নদীৰ পাৰত শুকুৰবাৰৰ পৰা তিনিদীনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মিচিংসকলৰ আলি-আয়েঃ-লৃগাং উৎসৱ৷ পৰম্পৰাগত ভাৱে পালন কৰা মিচিং জনগোষ্ঠীৰ আলি-আয়েঃ-লৃগাং উৎসৱ থলী লোকে লোকাৰণ্য হৈ পৰিছে৷

আলি-আয়েঃ-লৃগাং হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷ বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে ব্যাপক উলাহ মালহেৰে পালন কৰে আলি-আয়েঃ-লৃগাং উৎসৱ৷ অৰুণাচলৰ পূৱ চিয়াং জিলাৰ পাচিঘাট মেবৰ বাক্কুলত চিয়াং নদীৰ পাৰত মনোমোহা পৰিৱেশৰ মিলিত হৈছে অৰুণাচলৰ আদী আৰু অসমৰ মিচিংসকল৷ অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষতাত ব্যাপক উলাহ মালহেৰে অনুষ্ঠিত হৈছে আলি-আয়েঃ-লৃগাং উৎসৱ৷


প্ৰথমবাৰৰ বাবে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত অৰুণাচল আদি আৰু অসমৰ মিচিংসকল সংস্কৃতি আদান-প্ৰদান কৰাৰ উদ্দেশ্য অনুষ্ঠিত কৰা আলি-আয়েঃ-লৃগাঙ উপলক্ষে মেগা মেলা অনুষ্ঠিত হয় বাক্কুল চিয়াং নদীৰ পাৰত৷ অৰুণাচল আদি আৰু অসমৰ মিচিং সকলৰ এক ঐতিহাসিক সমন্বয়ৰ সুচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা আলি-আয়েঃ-লৃগাংৰ দ্বিতীয় দিনটোৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উপস্থিত হয়৷

অনুষ্ঠানত সোণোৱালে অসম অৰুণাচলৰ আদী আৰু মিচিংসকলকৰ সংস্কৃতি-সমন্বয়ৰ প্ৰচেষ্টাক শলাগ লয়৷ অৰুণাচল আদী জনগোষ্ঠী আৰু অসমৰ মিচিং সকলৰ মাজত সাদৃশ্য থকা কলা-সংস্কৃতি পৰম্পৰা পূৰ্বৰে পৰা অটুত আছিল আৰু ভৱিষ্যতেও থাকিব বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে অসম-অৰুণাচলে একেলগে কাম কৰি আগুৱাই যোৱাৰ লগতে দেশৰ ভিতৰতে দুয়োখন ৰাজ্য এক উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে কাম কৰি যাবলৈ আহ্বান জনায়৷ 

কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱা, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণা বৰুৱা, ধেমাজিৰ বিধায়ক ৰনোজ পেগু, জোনাইৰ বিধায়ক ভূৱন পেগু,  উপস্থিত থাকে৷ আলি-আয়েঃ-লৃগাং অনুষ্ঠানত অসম-অৰুণাচলৰ প্ৰায় ৩০টা সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰা বুলি কয়আলি-আয়েঃ-লৃগাঙৰ মুখ্য পৃষ্ঠপোষক তথা মেব সমষ্টিৰ বিধায়ক লম্বু টায়েঙে৷ তিনিদিনীয়া বৰ্ণাঢ্য অনুষ্ঠানত মিচিঙসকলৰ পৰম্পৰা খাদ্য আৰু বস্ত্ৰ মেলাও আয়োজন কৰিছে৷