খেৰণিঃ এক ভয়াৱহ দুৰ্যোগ। বিশ্বব্যাপী কৰ'না ভাইৰাছক লৈ আতংকিত বিশ্ববাসী। বিশ্বৰ চৌদিশে কেৱল মৃত্যুৰ কিৰিলি। সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ভাৰততো এই ভাইৰাছে পৃথিৱীৰ আন ঠাইৰ দৰে মহামাৰী ৰূপ ল’বলৈ ধৰিছে৷ কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাত প্ৰতিৰোধৰ অৰ্থে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে চেষ্টা অব্যাহত ৰাখিছে৷ 

সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা কেনেদৰে আগবাঢ়িছে সেয়া চাবলৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম পৰিভ্ৰমণ কৰে৷ লগতে কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ সজাগতা আৰু ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভতো মুখ্যমন্ত্ৰী সোণোৱালে পৰিস্থিতিৰ বুজ লয়৷ লগতে ডংকামোকাম মডেল স্কুলত স্থাপন কৰা কোৱাৰেণ্টাইন কক্ষসমূহো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

ইতিমধ্যে ডংকামোকাম মডেল স্কুলত স্থাপন কৰা আছুতীয়া কক্ষটোত মুঠ ১৬খনকৈ বিচনাৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শনৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, স্বায়িত শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বেৰ সৈতে মিলিত হৈ ডংকামোকাম ষ্টেডিয়ামত অনুষ্ঠিত কৰা কৰ’না ভাইৰাছ সম্পৰ্কীয় এখন বৈঠকত। 

উক্ত বৈঠকৰ অন্তত কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা বিভাগীয় বিষয়া, কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন আৰু কাৰ্বি আংলংবাসীক সম্বোধন কৰি সোনোৱালে অব্যাহত থকা ২১ দিনীয়া লকডাউন অসমবাসীৰ লগতে পশ্চিম কাৰ্বি আংলংবাসীয়ে নিষ্ঠাৰে, শৃংখলাবদ্ধভাৱে আৰু পৰিষ্কাৰকৈ পালন কৰিবলৈ আহ্বান জনায়। লগতে অসমৰ ৩৩খন জিলাৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত হৈ থকাৰ কামনা কৰে৷ অসমৰ জনসাধাৰণৰ আশীষ লৈ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত নমাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সময়ত প্ৰতিগৰাকী মানুহৰ মনত চেতনা সকলো সময়তে অটুট থাকিব লাগিব৷ 

সামাজিক ব্যৱধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি ঘৰৰ চৌহদত শৃংখলাবদ্ধতাৰে থাকিবলৈ আহ্বান জনায়৷ সমাজখনক কৰ’না ভাইৰাছৰ পৰা মুক্ত কৰি ৰাখিবলৈ জনসাধাৰণে এই সময়চোৱাত ঘৰতে থাকিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷ আনহাতে ৰাজ্যবাসীক এই সংকটৰ সময়ত আশ্বস্ত কৰিবলৈ স্বাস্থ্য বিভাগ আৰু বিভাগটোৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতত লোৱা পদক্ষেপকো প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

'স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্য বিভাগে দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰি বিভিন্ন পদক্ষেপ লৈছে অসমত৷ প্ৰতিখন জিলাৰ স্বাস্থ্য কেন্দ্ৰবোৰত আগন্তুক দিনত উদ্ভৱ হ’ব পৰা যি কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে অসমত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলক উন্নতমানৰ চিকিৎসা প্ৰদানেৰে সুস্থ কৰি তুলিবলৈ চেষ্টা অব্যাহত আছে। গতিকে ৰাইজ, আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই।’-মন্ত্ৰী হিমন্ত প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।