গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা ধাৰাবাহিক আন্দোলনৰ বাবে পুনৰবাৰ কংগ্ৰেছ আৰু বাওপন্থী দলসমূহক জগৰীয়া কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নৱবৰ্ষৰ প্ৰথমটো দিনতে এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ গ্ৰামাঞ্চলৰ শান্তিপ্ৰিয় খেতিয়ক আৰু শ্ৰমিক ৰাইজক কংগ্ৰেছ আৰু বাওপন্থীদলসমূহে ব্যাপক অপপ্ৰচাৰেৰে বিপথে পৰিচালিত কৰিছে। এই সন্দৰ্ভত চৰকাৰৰ হাতত তথ্যভিত্তিক প্ৰমাণ আছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

'মানুহৰ মাজত যিবিলাক সংখ্যা প্ৰকাশ কৰা হৈছে, আঢ়ৈ কোটি, এক কোটি বিছ লাখ আদি এই সংখ্যাবোৰৰ কোনো ভিত্তি নাই। ইয়াৰ উপৰিও ইমান অপ-প্ৰচাৰ কৰা হ’ল যে চাহ বাগানৰ চিলিং ছাৰপ্লাছ মাটিবোৰত বাংলাদেশৰ পৰা বিদেশী আনি সংস্থাপিত কৰা হ’ব। গাওঁসমূহতো বুজাই দিয়া হৈছে যে চৰণীয়া পথাৰ, খালী মাটি আদিবোৰতো আমি বাংলাদেশীক বহুৱাই দিম। ফলত চৌদিশে সহজ-সৰল শান্তিপ্ৰিয় মানুহবোৰ শংকিত আৰু আতংকিত হৈ পৰিল।’-কংগ্ৰেছ আৰু বাওপন্থী দলসমূহেই এনে অপ-প্ৰচাৰ চলোৱা বুলি দৃঢ়তাৰে উল্লেখ কৰা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য।

আজিৰ সংবাদমেলত নিজকে ভূমিপুত্ৰ আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত থকা বৃহত্তৰ অসমীয়া সমাজখনৰ মৰ্যাদা ৰক্ষা কৰিবলৈ তেওঁৰ চৰকাৰ সংকল্পৱদ্ধ। 'মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকো কোনো যুক্তিতে খিলঞ্জীয়া অসমীয়া ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কাম নকৰো আৰু কৰিব নোৱাৰোৱেই। এইটো মোৰ বাবে সম্ভৱেই নহয়।’-বিগত সময়ছোৱাত চৰকাৰখনে কৰা প্ৰতিটো কাম-কাজ এটা এটাকৈ পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাই এই আশ্বাস প্ৰদান কৰে শেহতীয়াকৈ সৰ্বত্ৰে সমালোচিত হোৱা সোণোৱালে।   

চৰকাৰ গঠনৰ সময়ৰে পৰা এতিয়ালৈকে দুৰ্নীতিৰ বিৰুদ্ধে উল্লেখনীয় সফলতা অৰ্জন কৰিছে বুলিও আজিৰ সংবাদমেলত দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ ভিতৰত ৪লক্ষাধিক ভুৱা জবকাৰ্ড জব্দ কৰা, আঢ়ৈ লাখ ৰেচন কাৰ্ড জব্দ কৰা, শিশুৰ নামত ভুৱা তথ্য দি ধন আত্মসাৎ কৰাটো বন্ধ কৰা আৰু এপিএছচিৰ সংস্কাৰৰ প্ৰসংগৰ কথা তেওঁ সাংবাদিকসকলক জানিবলৈ দিয়ে। বহুসংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাটোকে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখনৰ সফলতা বুলি সদৰী কৰে।

'ময়োতো মানুহ। সেইবাবে মোৰ জাতীয় চেতনা আছে আৰু থাকিব। জাতীয় চেতনা ৰাষ্ট্ৰীয় দলত যোগ দিও বুলিয়েই মই বিসৰ্জন নিদিও, দিব নোৱাৰো।’-অসমৰ ৰাইজে বহুত আস্থাৰে তেওঁৰ ওপৰত চৰকাৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে আৰু সেই কথা কোনো কাৰণতে পাহৰি যোৱা নাই বুলি উল্লেখ কৰি সকলোকে বিশ্বাস ৰাখিবলৈ কাতৰ আহ্বান জনাই এইদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে। 

নিজৰ মতত জোৰ দি তেওঁ আৰু কয় যে ভাৰতৰ কোনো ৰাজ্যৰ লোকেই জাতীয় চেতনা বিসৰ্জন নিদিয়ে। 'গুজৰাটীয়ে হওক, মাৰাঠাই হওক, বেংগলীয়েই হওক, উৰিয়া হওক, তামিল হওক, তেলেগু হওক, কোনো মানুহেই নিজৰ জাতীয় চেতনা বিসৰ্জন নিদিয়ে। কিন্তু আজিৰ তাৰিখত আমাক এনেধৰণে সজোৱা হৈছে যেন আমি অপৰাধী, আমি জাতিটোক বিক্ৰী কৰি দিলো। জাতিটোৰ স্বাৰ্থ জলাঞ্জলি দিলো। এনে কি কাম কৰিলো যাৰ ভিত্তিত আমাৰ বিৰুদ্ধে এনে অপপ্ৰচাৰ চলোৱা হৈছে?’-অসমবাসীক উদ্দেশ্যি অসহায় হৈ আজিৰ সংবাদমেলত এনেদৰে প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে সংবাদমেলৰ পিছতে কৃষ্ণগুৰু সেৱাশ্ৰমলৈ গুৰুৰ আশীষ ল'বলৈ সৰ্থেবাৰীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী। সেই সময়তে নলবাৰী জিলাৰ কেবাস্থানত আছু, এজেৱাইচিপিকে আদি কৰি কেবাটাও সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা আকোৰগোজ স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীগৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰে। জিলাখনৰ চামতাত ক'লা পতাকা প্ৰদৰ্শনকাৰীৰ ওপৰত জধে-মধে লাঠিচালনা কৰে আৰক্ষীয়ে। ফলত কেবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয়।

সংবাদমেলযোগে অসমবাসী ৰাইজক আস্থাত লবলৈ আহ্বান জনাই নিশ্চিন্ত মনেৰে নসত্ৰলৈ গৈ থকা সময়তে প্ৰতিবাদকাৰীসকলৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হোৱাত যথেষ্ট অস্বস্তিত পৰে মুখ্যমন্ত্ৰীগৰাকী। কংগ্ৰেছ আৰু বাওপন্থী দলক আন্দোলনৰ বাবে জগৰীয়া কৰাৰ সময়তে তেনে আদৰ্শৰ পৰা সম্পূৰ্ণৰূপে পৃথক তথা মুখ্যমন্ত্ৰীগৰাকীয়ে  একালত ৰাজনীতিৰ আদিপাঠ লোৱা সংগঠন আছুৰ প্ৰতিবাদ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পিছত কি মন্তব্য কৰে সেয়া লক্ষণীয় হ'ব।