আগৰতলাঃ মঙলবাৰে হেলিকপ্টাৰ যোগে ত্ৰিপুৰাৰ ধলাই জিলাৰ দুৰ্গম গণ্ডাছৰা অঞ্চলত উপস্থিত হয় ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ৷ নতুন মুখ্যমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ ফিছাৰি পাৰাৰ হেলিপেডত অৱতৰণ কৰাৰ পিছতে গাড়ীৰে বিভিন্ন অঞ্চল ভ্ৰমণ কৰে৷ 

বিভিন্ন কাৰ্যালয় ভ্ৰমণ কৰাৰ লগতে পথৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠে নতুন মুখ্যমন্ত্ৰী৷ পথৰ অৱস্থা প্ৰত্যক্ষ কৰি বিষয়াক পথৰ দাতিলৈ মাতি আনে৷ বিষয়াক উচ্চ-বাচ্য কৰি কৰ্তব্যত অৱহেলা নকৰিবলৈ সতৰ্ক কৰি দিয়ে৷ 

আনহাতে দুবছৰ পূৰ্বে নিৰ্মাণ কৰা এটি পথ নিৰ্মাণত ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগত তিনিগৰাকী বিষয়াক তৎকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷ চমক সৃষ্টিৰ লক্ষ্যৰে গণ্ডাছৰাৰ খণ্ড উন্নয়ন বিষয়া প্ৰদীপ দেৱ বৰ্মা আৰু এগৰাকী চিডিপিঅ’ আৰু পঞ্চায়ত সচিবক সাময়িক ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷ 

দুৰ্নীতিৰ ৰোধ কৰাৰ লগতে বিষয়াক কৰ্তব্যত গাফলতি কৰিলে সহ্য কৰা নহ’ব বুলি কয়৷ আনহাতে অঞ্চলটোৰ শৌচালয় আৰু বিশুদ্ধ খোৱাপানী যোগানৰ নামত একো কাম কৰা নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে৷