গুৱাহাটীঃ হস্ততাত, মত্স্যপালন আৰু বড়োধানৰ খেতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা জীৱিকাৰ এক সংহত প্ৰকল্পৰ যোগেদি দহ হাজাৰ খেতিয়ক আৰু শিপিনীৰ জীৱনৰ উত্কৰ্ষ সাধন কৰিবলৈ সক্ষম হৈছে চিটিএম-য়ে। চিটিএম হৈছে চেণ্টাৰ ফৰ মাইক্ৰফাইনেন্স এণ্ড লিভলিহুড, টাটা ট্ৰাষ্ট আৰু মিচিং স্বতন্ত্ৰ পৰিষদৰ এক যুটীয়া প্ৰচেষ্টা। চিটিএম প্ৰকল্পটোৱে ধেমাজি, লখিমপুৰ, মাজুলী আৰু গোলাঘাট জিলাত থকা শিপিনীসকলৰ কৌশলী কৰি তোলাৰ লগতে এছআৰআই প্ৰযুক্তিৰে বড়োধানৰ খেতি আৰু মত্স্যপালন যোগেদি পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

প্ৰকল্পৰ অধীনত নবীন নামৰ হ্ৰস্বম্যাদী বড়ো ধানৰ সংকৰণৰ খেতিৰে উক্ত চাৰিখন জিলাৰ ৮৯ খন গাঁৱৰ ৯৪৭৪ জন কৃষক অভূতপূৰ্ব সফলতাৰ মুখ দেখে। হ্ৰস্বম্যাদী শস্য নবীনেৰে ৯০ শতাংশ খেতিয়কেই বৰ্ষাকাল পৰাৰ আগেয়েই মে মাহত খেতি সামৰিবলৈ সক্ষম হয়। ২০১৭-১৮ বৰ্ষত এই প্ৰক্ৰিয়াৰে ৮৯৪ হেক্টৰ খেতিৰ মাটি সামৰি লোৱা হৈছিল আৰু চলিত বৰ্ষত ৪১০ হেক্টৰ অতিৰিক্ত কৃষিভূমি সামৰি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰতি হেক্টৰ মাটীত পূৰ্বৰ ৩ ৰপৰা বৰ্তমান ৭ টনলৈকে উত্পাদন বৃদ্ধি হোৱা বুলি প্ৰকল্পৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

চিষ্টেমেটিক ৰুট ইণ্টেন্সিফিকেশ্যন কৌশল, হ্ৰস্যম্যাদি শস্য, নিশ্চিত পানীযোগান, কনো অপতৃণনাশক আৰু জৈৱ পদ্ধতিৰ প্ৰয়োগ আদিয়েই এনে সফলতৰা মূল কাৰণ বুলি প্ৰতিবেদনত প্ৰকাশ। উল্লেখ্য যে কৃষকক সকলো সময়তে দিহা-পৰামৰ্শৰে আগবঢ়াই নিবলৈ ৩৭ জন স্থানীয় পৰ্যায়ৰ সমল ব্যক্তি প্ৰকল্পৰ অধীনত নিয়োগ কৰা হৈছিল।      

চিটিএমৰ প্ৰকল্পৰ অধীনতে পাৰম্পৰিক পদ্ধতি আৰু কম্পোজিট মত্স্য পালনৰ যোগেদি ৫২৫ জন প্ৰশিক্ষিত খেতিয়কে মত্স্য পালনতো সফলতা লাভ কৰে। উক্ত খেতিত মাছৰ পোনা যোগান ধৰাৰ বাবে প্ৰকল্পৰ অধীনত ১৭ জন মত্স্যপোনা পালকক প্ৰশিক্ষিত কৰি তোলা হৈছে।

তদুপৰি ৩০০ গৰাকী শিপিনীক ফ্লাই চাটলযুক্ত তাঁতশাল দি মুঠ ৪৫০ গৰাকী শিপিনীক তাৰ বাবে প্ৰশিক্ষিত কৰি তোলা হৈছে। এনেদৰে আগতে পোৱা ১২০০-১৫০০ টকাৰ পৰিৱৰ্তে সম্প্ৰতি তেওঁলোকৰ আয় ৩৭৫৫ টকালৈ বৃদ্ধি পাইছে।

২০১৮ বৰ্ষৰ এপ্ৰিল মাহত টাটা ট্ৰাষ্টৰ পৃষ্ঠপোষকতাত চিএমএলৰ আৰু মিচিং স্বতন্ত্ৰ পৰিষদৰ যোগেদি ধেমাজিৰ গোগামুখ খণ্ডত চিটিএম প্ৰকল্পৰ অধীনতে গ্ৰামীণ জীৱিকা গৱেষণা কেন্দ্ৰ খোলাৰ বাবে প্ৰকল্প হাতত লৈছে।