দিল্লীঃ ভাৰতৰ জনপ্ৰিয় ইউটিউব চেনেল "টিভিএফ"ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী সঞ্চালক অৰুণাভ কুমাৰৰ বিৰুদ্ধে নাৰীৰ উৎপীড়নৰ অভিযোগ উত্থাপন  হৈছে৷ পোনপ্ৰথমবাৰে দেওবাৰে ছ’চিয়েল মিডিয়াত এগৰাকী মহিলাই সঞ্চালকগৰাকীৰ বিৰুদ্ধে উৎপীড়নৰ অভিযোগ ভাইৰেল হৈছিল৷ 

মহিলাগৰাকীয়ে দাবী কৰে যে মহিলাগৰাকী প্ৰতিষ্ঠানটোৰ প্ৰাক্তন কৰ্মচাৰী৷ এই অভিযোগৰ পিছতে আন দুগৰাকী মহিলাই সঞ্চালকগৰাকীৰ বিৰুদ্ধে উৎপীড়নৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে মহিলাকেইগৰাকীৰ অভিযোগ ভূৱা আখ্যা দিছে প্ৰতিষ্ঠানটোৱে৷ উল্লেখ্য যে টিভিএফ চেনেলটোৱে ইউটিউবযোগে দেশৰ নৱপ্ৰজন্মৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে। 

ইফালে টিভিএফৰ প্ৰতিযোগী ইউটিউব চেনেল এআইবিৰ তন্ময় ভাটে টুইটাৰযোগে কয় যে নাৰীক কৰ্মস্থলীত সুৰক্ষিত কৰি ৰখাটো আমাৰ দায়িত্ব। তদুপৰি বিষয়টোৰ সঠিক তদন্ত হ'ব লাগে বুলিও তন্ময়ে উল্লেখ কৰিছে।