ডিজিটেল ডেস্কঃ দিল্লীত শণিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছৰ মহাধিৱেশন৷ এই অধিৱেনশতে আগন্তুক ৫বছৰৰ বাবে দলৰ লক্ষ্য আৰু কৰ্মসূচী নিৰ্ণয় হ’ব৷ লগতে আৰ্থিক আৰু বৈদেশিক বিষয়ৰ ওপৰতো ৪ টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে এই অধিৱেশনত ভাষণ প্ৰদান কৰিব৷ মহাধিৱেশনৰ আৰম্ভ হোৱাৰ পূৰ্বে শুকুৰবাৰে দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হৈ যায়৷

ৰাহুল গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙ, ইউপিএ অধ্যক্ষা ছোনিয়া গান্ধী, লোকসভাৰ সদস্য তথা কংগ্ৰেছৰ নেতী মল্লিকাৰ্জুন খাড়গে, ৰাজ্যসভাৰ নেতা গোলাম নৱী আজাদ, জেষ্ঠ নেতা এ কে এণ্টনী, জনাৰ্দন দ্বিবেদীৰ লগতে দলৰ বহুতো নেতা-সদস্য৷ এই বৈঠকতে মহাধিৱেশনত গৃহীত হ’ব লগা চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ ওপৰত আলোচনা কৰে৷ 

এই প্ৰস্তাৱত ৰাজনৈতিক, আৰ্থিক, বৈদেশিক তথা কৃষি, নিৱনুৱা আৰু দৰিদ্ৰতা নিৰ্মূলকৰণৰ বিষয়কেইটা চামিল কৰা হ’ব৷ জানিব পৰা মতে, বিগত বৰ্ষত অধ্যক্ষ পদত অধিষ্ঠিত ৰাহুল গান্ধীয়ে শনিবাৰে ভাষণ প্ৰদান কৰি অধিৱেশনৰ শুভাৰম্ভণি ঘটাব আৰু শণিবাৰে দুটাকৈ প্ৰস্তাৱ গৃহীত হ’ব৷ অন্য দুটা প্ৰস্তাৱ সামৰণিৰ দিনা গৃহীত হ’ব৷ মহাধিৱেশনৰ সামৰণি দিনাই আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে আঁচনি তৈয়াৰ কৰিব বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে, বিজেপি দলৰ শাসনভাৰ উফৰাবলৈ কংগ্ৰেছে বিশেষ আঁচনি তৈয়াৰ কৰিছে৷ অন্য ৰাজনৈতিক দলসমূহৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ৰোধ কৰিবৰ বাবে এটা শক্তিশালী মিত্ৰজোঁট দল কংগ্ৰেছে গঠন কৰিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ ইয়াৰ বাবে কেইদিনমানৰ পূৰ্বে ইউপিএৰ ২০টা বিৰোধী দলৰ নেতাক আমন্ত্ৰণ কৰি ভোজমেলৰ আয়োজন কৰিছে প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে৷ 

কংগ্ৰেছৰ নেতা ৰণদীপ সুৰজেৱালাই জানিবলৈ দিয়া মতে, পূৰ্বতকৈ এইবাৰৰ মহাধিৱেশনৰ ৰেহৰূপ পৃথক হ’ব৷ কিয়নো কংগ্ৰেছৰ অধ্যক্ষই দলৰ নেতা সকলতকৈ কাৰ্যকৰ্তাসকলক অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ কাৰ্যকৰ্তাসকলে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কিদৰে ৰণনীতি তৈয়াৰ কৰিব, সেইয়াহে লক্ষণীয় হ’ব বুলি কয় নেতাগৰাকীয়ে৷