গুজৰাটঃ স্থানীয় নেতা অবিহনে নিৰ্বাচনত নামি কংগ্ৰেছে পুনৰ মুখ থেকেচা খালে গুজৰাটত৷ কংগ্ৰেছৰ কেইবাগৰাকী নেতাই দল এৰি যোৱাৰ লগতে কেইবাগৰাকী নেতাই বিজেপিত যোগদান কৰিছে৷ যাৰ ফলত ৰাষ্ট্ৰীয় তথা দিল্লীৱালা নেতাই গুজৰাটত বাহৰ পাতি নিৰ্বাচনৰ বাবে ভোট বিছাৰিব লগা হৈছিল৷ কংগ্ৰেছে দেশৰ বিভিন্ন ৰাজ্যত স্থানীয় জনপ্ৰিয় নেতা-চেহেৰা নথকাত বাবে বাৰে নিৰ্বাচনত মুথ থেকেচা খাই আহিছে৷

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো জিলাত মুখ থেকেচা খোৱাৰ লগতে উত্তৰ প্ৰদেশ, গোৱা, শেহতীয়াকৈ হিমাচল প্ৰদেশ আৰু গুজৰাটত মুখ থেকেচা খাই৷ গুজৰাটত ৩৩ খন জিলাৰ ১৮২টা সমষ্টিত ১৮২৮গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ কংগ্ৰেছে ১৭৬ আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে বিজেপিয়ে ১৮২ খন আসনতে প্ৰাৰ্থী দিয়ে৷ শেহতীয়াকৈ কংগ্ৰেছ ৭০ খন আসন লাভ কৰাটো একপ্ৰকাৰ খাতাং হৈ পৰিছে৷

তাৰ বিপৰীতে বিজেপিয়ে প্ৰায় ১১০ খন আসন লাভ কৰাটো একপ্ৰকাৰ খাতাং হৈ পৰিছে৷ ২০১২ চনৰ তুলনাত গুজৰাটৰ নিৰ্বাচনত কংগ্ৰেছৰ কেই খনমান আসন বৃদ্ধি হ’ব যদিও স্থানীয় জনপ্ৰিয় চেহেৰাৰ বাবে মানুহে আস্থাত নোলোৱা বুলি অভিযোগ চৰ্চা আৰম্ভ হৈছে৷ ২০১২ কংগ্ৰেছে তদানীন্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হৈ নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোডীৰ সৈতে ফেৰ মাৰিব পৰা নাছিল বুলি প্ৰচাৰ হৈছিল৷

কিন্তু তাৰ পিছতো স্থানীয় নেতা সাজু কৰিবলৈ সমৰ্থ নহ’ল কংগ্ৰেছে৷ সেই সময়ত কংগ্ৰেছে লাভ কৰিছিল ৬১ খন আসন৷ ২০১২ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ১১৫ খন আসন৷ ১১৫ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হৈছিল৷ পুনৰ ২০১৭ চনৰ শেষ ভাগত পুনৰ গুজৰাটত ষষ্ঠ বাৰৰ বাবে শাসনৰ গাদী দখল কৰিব বিজেপিয়ে৷ ১৮২টা আসনৰ গুজৰাট বিধান সভাৰ ২০১২ চনৰ নিৰ্বাচনত ১১৫টা সমষ্টি বিজেপিৰ দখলত থকাৰ লগতে কংগ্রেছৰ দখলত আছিল ৬১টা সমষ্টি৷

২০১২ চনৰ বিধান সভা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে পূৰ্বৰ তুলনাত বেছি সমষ্টি কংগ্ৰেছৰ হাতলৈ আহিব বুলি আশংকা কৰা হৈছে৷ ৯ আৰু ১৪ ডিচেম্বৰত দুটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে ভোট গণনা৷ পূৰ্বে নিধাৰণ কৰা অনুসৰি বিজেপিয়ে গুজৰাট দখল কৰিব বুলি কোৱা হৈছিল৷

বিজেপিয়ে গুজৰাট দখলৰ দিশে আগবাঢ়িছে৷ চহৰ অঞ্চলত বিজেপিৰ দপদপনি অব্যাহত আছে যদিও গ্ৰাম্য অঞ্চলত কংগ্ৰেছে সৰ্বাধিক আসন তথা ভোট লাভ কৰিব যদিও এখন চিনাকী চেহেৰা তথা স্থানীয় জনপ্ৰিয় নেতাৰ অভাৱতে কংগ্ৰেছে পৰাজয় বৰণ কৰা বুলি চৰ্চা হৈছে৷ তাৰ বিপৰীতে গুজৰাটত বিজেপিৰ আছে কেইবাখো চিনাকী মুথ তথা স্থানীয় নেতা৷