উৰিষ্যাঃ কংগ্ৰেছ মহাসচিবৰ পদত্যাগ ৷ পৰাজয়ৰ পিছতে উৰিষ্যাৰ মহাসচিব বি কে হৰিপ্ৰসাদে পদত্যাগ কৰিছে৷ উৰিষ্যা পঞ্চায়ত নিৰ্বাচনৰ দনটোৰ পৰাজয়ৰ পিছতে এই সিদ্ধান্ত মহাসচিবজনৰ৷ আনহাতে অমিত শ্বাহ সম্পৰ্কত এক গুৰুত্বপুৰ্ন টিপ্পনী দিছে প্ৰাক্তন মন্ত্ৰী বীৰাপ্পা মৈলীয়ে৷

কংগ্ৰেছত আছে বহু অমিত শ্বাহ৷  এতিয়া সেইসকলক এক কৰা প্ৰয়োজন৷ এই মন্তব্য কেন্দ্ৰীয় প্ৰাক্তন মন্ত্ৰীজনৰ৷ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে কংগ্ৰেছত বাঢ়িছে  দলীয় অসন্তোষ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে  দলত শাসনৰ বিকেন্দ্ৰীকৰণ প্ৰয়োজনীয় বুলি  মত প্ৰকাশ কৰে৷