নলবাৰীঃ ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰি অহাৰ লগতে কংগ্ৰেছ দলেও বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি আহিছে৷ নলবাতী জিলা কংগ্ৰেছেও পিছ পৰি ৰোৱা নাই৷ সোমবাৰে নলবাৰী জিলাৰ জয়মংলাত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয়।

জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত সভাত নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা, জিলা মুখপাত্ৰ দিব্যজ্যোতি হালৈ, যুৱ নেতা মজিব আলী উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে বিজেপিৰ চৰিত্ৰ ৰাইজে বুজি পালে বুলি কয়। মাত্ৰ দুবছৰীয়া ৰাজ্য চৰকাৰৰ চমকহে দি আছে যদিও কোনো বিশেষ চকুত লগা কাম কৰিব পৰা নাই।

মহিলাৰ বিভিন্ন  আঁচনি লোৱা বুলি মন্ত্ৰী, বিধায়ক তথা নেতাই ৰৌ-জাল-বৌ-জাল কৰি চিঞৰি আছে যদিও বাস্তৱত একো নাই। সেয়েহে মহিলা সমাজে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ লগতে চৰকাৰৰ সহযোগী দল অগপক বেলটেৰে উচিত শিক্ষা দিয়াৰ আহ্বান জনায়।

সভাত কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞাই আমচাঙৰ উচ্ছেদ ৰাজ্য চৰকাৰে মানৱীয়তাৰ চকুৰে চাব লাগিছিল বুলি কয়। কিয়নো ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা চলি আছিল। যাৰ বাবে অসমৰ অসমীয়া ৰাইজে বিজেপিৰ শাসনত উচ্ছেদ হ’ব লগা হল। উচ্ছেদৰ পিছত সহমৰ্মিতা প্ৰকাশ কৰিলে কি হ’ব বুলি কৈ উত্তৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত দিব বুলি কয়।