নলবাৰীঃ নলবাৰী জিলাৰ খাতিকুছিত বড়িগোগ বনভাগ মহিলা ব্লক কংগ্ৰেছৰ উদ্যোগত শনিবাৰে এখন সভা অনুষ্ঠিত হৈ যায়। স্থনীয় কঠাল গুৰ বামুন টোলা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত কংগ্ৰেছ নেত্ৰী সবিতা কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে ব্লক মহিলা কংগ্ৰেছৰ সম্পাদিকা আনোৱাৰা বেগমে।

সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, নলবাৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি শৰৎ কলিতা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতা সহ কেইবাশতাধিক মহিলা উপস্থিত থাকে। সভাত নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে কংগ্ৰেছ দলে মহিলা সকলক সন্মান দিব জানে বুলি কয়।

কিন্তু কেন্দ্ৰ, ৰাজ্যৰ শাসক দল বিজেপিয়ে মহিলাক সামান্যতম সন্মান দিব নাজানে। কেইদিনমান পূৰ্বে কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীটো জিএছটিৰ বিৰোধিতা কৰি গনতান্ত্ৰিক ভাবে আন্দোলন কৰিছিল। কিন্তু নলবাৰীত বিজেপি চৰকাৰৰ আৰক্ষী বাহিনীয়ে পুৰুষৰ লগতে মহিলা কংগ্ৰেছ কৰ্মী সকলোকো বাধা প্ৰদানৰ কৌশল কৰি অবাধ নিৰ্যাতন চলাইছিল। যাৰ বাবে মোৰ লগতে কেইবাজনো মহিলাৰ পুলিছৰ লাঠি চালনাত আঘাতপ্ৰাপ্ত হ’ব লগা হৈছিল।  বিজেপিয়ে এনেদৰে মহিলাসকলৰ ওপৰত চলোৱা নিৰ্যাতন উচিত প্ৰত্যুত্তৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক ভোট প্ৰদান কৰি বিজেপিক দিয়ক এসেকা দিবলৈ আহ্বান জনায় মালাকাৰে।