DNA India
DNA India

গুৱাহাটীঃ ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায়ৰ বিৰুদ্ধে হিংসাৰ বাবে প্ৰৰোচনা জনোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পশ্চিং বংগৰ একাংশ বুদ্ধিজীৱী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ত্ৰিপুৰাৰ ক্ষমতা পৰিৱৰ্তনৰ লগে লগে হিংসা বিয়পাৰ অভিযোগ উত্থাপন কৰে৷

বুলডজাৰেৰে লেনিনৰ মূৰ্তি ভাঙি পেলাইছিল একাংশ লোকে৷ হিংসাৰ বিয়পোৱাৰ প্ৰৰোচনা কৰাৰ টুইট কৰাৰ অভিযোগ উত্থাপন কৰে ৰাজ্যপাল তথাগত ৰায়ৰ বিৰুদ্ধে৷ ৰাষ্ট্ৰপতিক এই অভিযোগ দাখিল কৰে পশ্চিম বংগৰ একাংশ লোকে৷

শুকুৰবাৰে দিনৰ ভাগত পশ্চিম বংগৰ একাংশ বুদ্ধিজীৱীয়ে ৰাষ্ট্ৰপতিক মেইল কৰি এই অভিযোগ দাখিল কৰে৷ সুজাত ভদ্ৰ, স্বাগতলক্ষ্মী দাস গুপ্তা, শীৰ্ষান্দু মুখপধ্যায়, নৱনীতা দেৱ সেন, আবুল বাশাৰ, জয় গোস্বামী, মনোজ মিত্ৰ, প্ৰতুল মুখপধ্যায়, শুভা প্ৰসন্ন কবাৰ সুমন, গৌতম ঘোষ, লোপামূদ্ৰা মিত্ৰ, জয়া মিত্ৰ, প্ৰসূন ভৌমিকে ৰাষ্ট্ৰপতিক অভিযোগ দাখিল কৰে৷

ত্ৰিপুৰাৰ ৰাজ্যপালে তথাগত ৰায়ে ৬-৭ মাৰ্চত টুইট কৰাৰ বুলি অভিযোগ উত্থাপন কৰে৷ এখন গণতান্ত্ৰিক দেশত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত শপত গ্ৰহণ কৰা কোনো ৰাজ্যপালে তেনে টুইট কৰিব নোৱাৰে বুলি কয়৷ ৰাজ্যপালৰ এনে টুইটৰ বাবে সমগ্ৰ দেশত উত্তেজনা সৃষ্টি হোৱা বুলি কয়৷ ৰাজ্যপালে সাংবিধানিক দায়িত্ব পালন কৰাৰ বিপৰীতে হিংসাৰ প্ৰৰোচনা যোগোৱা বুলি কয়৷ শীঘ্ৰে ত্ৰিপুৰাৰ ৰাজ্যপালক পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায়৷

ত্ৰিপুৰাত বামপন্থীৰ ২৫ বছৰীয়া শাসন ওফৰাই গেৰুৱা দল বিজেপিয়ে আধিপত্য বিস্তাৰ কৰে৷ তাৰ পিছতেই লেনিনৰ মূৰ্তি ভাঙি পেলোৱা হয়৷ ছচিয়য়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হৈ পৰে৷ এই ঘটনাৰ পিছতেই ৰাজ্যপালে কেইবাটাও টুইট কৰা বুলি কৈ বুদ্ধিজীৱীসকলে এই টুইট সমূহ আপত্তিজনক বুলি কয়৷