Hindustan Times
Hindustan Times

নগাঁওঃ যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ বৈপ্লৱিক পৰিবৰ্তন আনিবলৈ চেষ্টা চলাই আহিছে আনকি কণ-কণ ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ মধ্যাহ্ন ভোজনৰ নামত কোটি-কোটি টকা খৰচ কৰি আহিছে ঠিক তেনে সময়তেই একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে লুণ্ঠন চলোৱাৰ বাবে বাবেই শিশুসকলে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে।

ৰাইজৰ অভিযোগ অনুসৰি, নগাঁও জিলাৰ জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম কলাডুবা বালিকা মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ফৰিদা য়াচমিনৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ খাদ্য-সামগ্ৰী দীৰ্ঘদিন ধৰি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে। প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে নিজৰ স্বামী চাইদুৰ ইছলামক সংগী হিচাপে লৈ বিগত বৰ্ষত বিদ্যালয়ত ভোটদানেৰে নিৰ্বাচিত হোৱা পৰিচালনা সমিতিৰ সভাপতিক বিদ্যালয়ৰ প্ৰশাসনিক কাম কাজৰ পৰা বঞ্চিত কৰি পুৰণা পৰিচালনা সমিতিক লৈ আজিকোপতি কাম কাজ চলাই আহিছে বুলি কয় ৰাইজে।

প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ নীতি নিয়ম ভৰিৰে মোহাৰি নিম্ন মানৰ খাদ্য-সামগ্ৰী ছাত্ৰ-ছাত্ৰীক খাবলৈ দিয়ে বুলিো অভিযোগ উত্থাপন কৰে ৰাইজে। উল্লেখযোগ্য যে, যোৱা ১৩ মাৰ্চত বিদ্যালয়ত নিম্ন মানৰ খাদ্য খাবলৈ দিয়াত ছাত্ৰ-ছাত্ৰীয়ে খাদ্য খাবলৈ অমান্তি হোৱাত প্ৰধান শিক্ষয়ত্ৰীৰ স্বামী চাইদুৰ ইছলামে ছাত্ৰ-ছাত্ৰীক ধমক দিয়ে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজন নাখায় ঘৰমুৱা হয়। ঘটনাৰ বাবে বিগত দুদিন ধৰি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পাঠদানৰ পৰা বিৰত থাকে।

এনে দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষয়িত্ৰীৰ কাম কাজত ক্ষোভিত হৈ ৰাইজ তথা নতুন পৰিচালনা সমিতিৰ সভাপতি আবু হানিফাই জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়াক এক  অভিযোগ দাখিল কৰাৰ লগতে ন্যায়িক তদন্ত বিচাৰি উক্ত ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত এচ এজাহাৰ দাখিল কৰে। এতিয়া প্ৰশ্ন হয় যে, শিক্ষা বিভাগৰ এনে  দুৰ্নীতি পৰায়ণ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।